সমললৈ যাওক

পৃষ্ঠা:সেউজী পাতৰ কাহিনী.pdf/১৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

 “আলতী টিকট কটা হ’ল, বল।” বৈৰাগীৰে বলিষ্ঠ দেহৰ দীঘল দীঘল খোজৰ লগত আলতীয়ে খোজ মিলাবলৈ চেষ্টা কৰিলে।

 নামনিলৈ যোৱা ৰেল পালেহি; উজনিলৈ অহা ৰেল পলম হৈছে; আজি মৰিয়নিত দুয়োখন ৰেলৰ যোগাযোগ নহয়; হুৰাহুৰি কৰি যাত্ৰীসকল ৰেলত উঠিলগৈ। প্ৰেমই এখোজ- দুখোজকৈ ৰৈ থকা ৰেলৰ কাষ চাপিল; ইখন ডবাৰপৰা সিখন ডবাৰ ওচৰলৈ গৈ ভিতৰৰ যাত্ৰীসকলক বেঙা মেলি মেলি চাইছে। কেইখন মান তৃতীয় শ্ৰেণীৰ ডবা পাৰ হৈ অন্যখনৰ কাষ পাওঁতেই খিৰিকিৰ ওচৰতে বৈৰাগী আৰু আলতীক একেলগে বহি থকা দেখিলে। প্ৰেমক আকৌ এবাৰ দেখিও আলতী বিচলিত নহল; নেদেখা ভাও জুৰি বৈৰাগীৰ লগত হাঁহি হাঁহি কথা আৰম্ভ কৰিলে। হাঁহিব মাজে মাজে আলতীৰ মুখৰ দুই এটা শব্দ প্ৰেমৰ কাণত পৰিছিল— গুৱাহাটা—কামাখ্যা— কলিকতা। প্ৰেমই কল্পনা কৰিলে বৈৰাগীয়ে আলতীক এইবোৰ দেশ দেখুৱাবলৈ স্বীকাৰ কৰিছে— সেয়েহে আলতীৰ ইমান হাঁহি, ইমান আনন্দ! আলতীৰ মুখত এনে নিলৰ্জ্জ অসতী আনন্দ প্ৰেমই কেতিয়াও আশা কৰা নাছিল; দুৰাতিতে গাৱঁৰ ছোৱালীৰ এনে ইতৰ পৰিবৰ্ত্তনত সি বিস্ময় মানিলে।

 গাৰ্ডৰ হুইচেল পৰিল, সেউজীয়া নিচান উৰিল, হুচ্-হুচ্ শব্দ হ'ল। উৎসুকেৰে চাই থকা প্ৰেমলৈ আলতীয়ে অৱজ্ঞাৰে