নুখুৱাই, মই খাবলৈ পাওঁ নেপাওঁ সেইবোৰ তুমি ভাবিব লাগিছে কেলৈ?” পিছৰ কথাষাৰ টানকৈ কলে।
“মই ঠিক কৈছোঁ বৈৰাগীয়ে তোক ঠগাব; কৰবালৈ নি দুমাহৰ পিছতে এৰি দিব। শুন, শুন, মোৰ কথা শুন।” আৰু ওচৰ চাপি আলতীৰ হাতত ধৰিলে, জোৰ কৰি হাতটো এৰুৱাই এখোজ পিছলৈ গৈ আলতীয়ে খঙেৰে কলে,— “ইমান বোৰ মানুহৰ আগত লোকৰ তিৰোতাৰ হাতত ধৰিবলৈ তোমাৰ লাজ নেলাগেনে? মই যদি চিঞঁৰো?” নিৰ্ম্মম দৃষ্টিৰে আলতীয়ে চালে।
প্ৰেমই সেমেনাসেমেনি কৰি উত্তৰ দিলে, “মোক বিয়া কৰাবলৈকে দেখোন তই বাট চাই আঁছিলি?”
“মন সলনি হোৱা জগৰৰ কথানে? মই মনৰ মানুহ পাইছোঁ।” মুখখন এফলীয়া কৰি অনাসক্তিত আলতী দুখোজ আঁতৰিল।
“আলতী, তোক যে মই ইমান দিনৰপৰা ভাল পাই আহিছোঁ; তই নহলে মই কেনেকে জীয়াই থাকিম?” কথাৰ লগে লগে দুই চকু চলচল হ’ল।
“গাঁৱত বহুত ছোৱালী আছে; এজনী ললেই তুমি সুখী হবা; এতিয়া যোৱাগৈ। মোক দিগদাৰ দিবলৈ নহিবা।” আলতীয়ে ওৰণীখন দীঘলকৈ লৈ মুখ ঢাকিলে। চকুপানী মছি প্ৰেমই মূৰ ওপৰলৈ কৰোঁতেই বৈৰাগী ওলালহি। বিদ্ৰুপ গৰ্ব্ব মিশ্ৰিত চাহনিৰে প্ৰেমলৈ এবাৰ তীব্ৰ দৃষ্টিৰে চকু ঘূৰাই বৈৰাগীয়ে পুৰুষোচিত স্বৰত আদেশ দিলে,—
১২৮