বহিবলৈ আগবাঢ়িল । বেঞ্চখনৰ কাষ পাওঁতে নেপাওঁতেই ওৰণীয়ে মুখ ঢাকি অচল মুৰ্ত্তিৰ তিৰোতা এজনী থিয় হৈ থকা দেখি প্রেমই উভতিব খুজিছিল ; হঠাতে মেখেলাৰ পাতলিত বছা গুণাৰ বহল ফুল শাৰীত তাৰ চকু পৰিল ৷ গাওঁৰ কাৰোবাৰ ঘৰত তেনে ফুল দেখা দেখা অনুমান হইল। পিছলৈ দিয়া খোজটো ঘূৰাই মানুহজনীৰ সমুখা-সমুখি হ’ল । ওচৰত মানুহ এটা থিয় হোৱাৰ উমান পাই মানুহ গবাকীয়ে ত্ৰ্যস্তভাৱে লাহেকৈ মূৰ তুলি চাওঁ নেচাওঁকৈ চালে; প্রেমৰ চকুয়ে চকুয়ে পৰিল ৷ বলিয়াৰ দৰে প্রেম আগবাঢ়ি গ’ল। টিকট কটা খিৰিকিৰ সমুখত এপাল মানুহে টিকটৰ কাৰণে হেতা-ওপৰা লগাইছে ; তালৈ ভ্ৰুক্ষেপ নকৰি প্রেমই কান্দোনৰ সুৰত কলে,
“আলতী, আলতী, তোকেই বিচাৰি আহিছোঁ। বল, বল, ঘৰলৈ ঘূৰি যাওঁ বল । মই জানো তোৰ দোষ নাই, মই সেই বোৰ একো নধৰো, বল” । কথাৰ লগে লগে আলতীৰ একেবাৰে কাষ চাপিল ।
এখোজ পিছুৱাই গৈ আলতীয়ে বিৰক্তিৰে কলে,— “তুমি মোক বিচাৰি কেলৈ আহিলা ? ঘৰলৈ উভতি যোৱাগৈ । মই যাব লগত ওলাই আহিছোঁ তাৰ লগতহে যাম ।”
“আলতী তই ভুল নকৰিবি, তই সৰুৰেপৰা সুখত উঠা ছোৱালী; বৈৰাগীয়ে তোক কেনেকৈ খুৱাব পিন্ধাব ? মোব কথা শুন, তই অবুজ নহবি ভাবি চা।”
“মই ভাবি চিন্তিহে আহিছোঁ। বৈৰাগীয়ে কেনেকৈ খুৱাই