সমললৈ যাওক

পৃষ্ঠা:সেউজী পাতৰ কাহিনী.pdf/১৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
সেউজী পাতৰ কাহিনী


লছিমিয়াই কৰুণ চাৱনিৰে মোলৈ চাই আছিল। ভাবিলোঁ বাঘৰ মুখৰ চিকাৰ সিংহই নিবলৈ আহিছে; খং ঈৰ্ষাত হিতাহিত জ্ঞান নোহোৱা হ'ল। ওচৰতে পৰি থকা কয়লা এডোখৰ তুলি তাব মূৰলৈ দলিয়াই প্ৰাণ লৈ পলালোঁ। গাৱত থাকোঁতে বাটলু গুটিৰে চৰাই চিকাৰ অভ্যাস আছিল; দলিটো ঠিক ঠাইতেই পৰিছিলগৈ। দেওছনে চিঞৰিলে – “খুন খুন।”

 কপাল মুখ ফুটি ওলোৱা ঘাম কামিজটোৰ হাতৰ ওলমি পৰা অংশেৰে মছি লৰাটোৱে পুনৰ কলে, “পুলিচত লগাব নোৱাৰে বুলি বুজিছিলোঁ—তেতিয়া হলে ডাঙৰ মানুহৰ সুখ্যাতি সুনাম জাহিৰ হৈ যাব। ঘৰলৈ গৈ নিৰ্ভয়ে বিছনাত পৰিলোঁগৈ। লছিমিয়াক লৈ ঘৰ-সংসাৰ পতাৰ যি আশা মনত পুহিছিলোঁ তাক দুখ-বেজাৰেৰে জলাঞ্জলি দিলোঁ। কি কৰিম, তিৰোতাৰ জাতেই দুচমন।” গোটেই কাহিনীটোৰ ওপৰত আঁৰ কাপোৰ টানিবলৈ অযথা পেণ্টটোৰ তলৰ ডোখৰ ঘূৰাই ঘূৰাই আঠুৰ ওপৰলৈ অনাত লাগিল।

 “লছিমিয়াক তোমাৰ মনত নপৰে?” –প্ৰেমই অনুকম্পাৰে সুধিলে।

 “পৰিলেও কি লাভ?”

 “কিয়?”  “ডিঙিত ফাঁচ লগাই লছমিয়াই সেই ৰাতিয়েই আত্ম-হত্যা

কৰিলে।” গাত ঠেলা মাৰি কাৰ্যৰপৰা প্ৰেমক আঁতৰাই কলে, “ধেং, তোক মোৰ দুখৰ কথাবোৰ এনেয়ে কলোঁ।”

১২৪