সমললৈ যাওক

পৃষ্ঠা:সেউজী পাতৰ কাহিনী.pdf/১২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
সেউজী পাতৰ কাহিনী


 ৰাস্তাৰ মিউনিচিপালিটিৰ লেম্পটোৰ ক্ষীণ পোহৰ প্ৰেমৰ সমুখত পৰিছিল; কিন্তু সেই পোহৰত কোনো মানুহ নেদেখি প্ৰেমই বিচলিত হৈ সুধিলে,—“তুমি কাক গালি পাৰিছা?”

 বিড়িটোত ডাঙৰ হোপা এটা টানি কলে, “কওঁ ৰবা, এনে মানুহক খুন কৰিব লাগে, বৰ ভদ্ৰলোক ওলাইছে।”

 বাকী কথাখিনি উৎকণ্ঠিতভাৱে শুনিবলৈ প্ৰেমই লৰাটোৰ গাতে গা লগালে।

 “এদিন সন্ধিয়া দেখিলোঁগৈ দেওছনৰ ঘৰত ইয়াৰে বাগিছাৱালাৰ পুতেক এজন, তাক ম‍ই চিনো; উধম সিঙৰ গেৰেজত চাৰ্ভিচত দিওতে তাৰ গাড়ী মই কেইবাদিনো ধুইছোঁ। দেওছনৰ লগত মিলি বিলাতী মদ খাইছে; ওচৰতে লছিমিয়া। মই ওলামগৈ বুলি লছিমিয়াই বোধকৰো জানিছিল; তাই মোৰ ভৰিৰ শব্দ চিনি পায়। মোক দেখিয়েই বাপেকৰ মুখলৈ চালে, তাইৰ মুখত হাঁহি নাই। দেওছনে বহাৰপৰা চিঞৰিলে, “এই, তই মোৰ ঘৰত নাহিবি।” মদ খাই উন্মাদ হৈ দেওছনে আগেয়েও নকব লগীয়া কথা কয়। তাকে ভাবি হাঁহি মাৰি ম‍ই আগবাঢ়ি গলোঁ। দেওছনে আকৌ চিঞৰিলে, “খবৰদাৰ, ভিতৰ সোমালে খুন কৰিম।” দেওছনৰ চকু দুটা পকা অঙঠাৰ দৰে জ্বলি উঠিল- মোৰ বুকু কঁপিবলৈ ধৰিলে; এখোজ দুখোজকৈ পিছ হুহকিলোঁ। ম‍ই ভয়ত পিছ হোহঁকা দেখি বাগিছাৱালাৰ পুতেকে বিদ্ৰূপৰ হাঁহি মাৰি সুধিলে,

“এইটো কৰ বজৰুৱা গুণ্ডা?” কথাষাৰ শুনি ঘূৰি চালো;

১২৩