সেউজী পাতৰ কাহিনী
কৰিলে— “উধম সিঙৰ তাত থাকোঁতেই গাত শনিয়ে লম্ভিলে। মহাজনৰ কাপোৰ অনা-নিয়া কৰিবলৈ দেওছন ধুবীৰ ঘৰলৈ অহা-যোৱা কৰিব লাগে। তাতে দেওছনৰ ছোৱালী লছিমিয়াৰ লগত চিনাকি হ'ল। তোমাৰ ছোৱালীতকৈও ধুনীয়া, বুজিছা।” চকু টিপিয়াই প্ৰেমলৈ চালে।
“সন্ধিয়া লাইনৰপৰা আহিয়েই দেওছনৰ ঘৰলৈ যাওঁ; লছিমিয়াৰ লগত মিলা-মিছাত দেওছনে আপত্তি নকৰে; দেওছনক মাজে মাজে মদৰ বটল নি দিওঁ। উধম সিঙৰ ঘৰত খাওঁ; হাত খৰচৰ বাহিৰে অন্য খৰচ নাই। যি কেইটা দৰ্ম্মহা পাওঁ—দেওছনব মদ, লছিমিয়াৰ ইটো-সিটো বস্তু কিনোতেই খৰচ হয়। দেওছন আৰু ঘৈণীয়েকে লছিমিয়াক মোক বিয়া দিবলৈ ঠিকেই কৰিলে; কথাই কথাই মোক জোৱাই বুলি কোৱাও হল। লছিমিয়াই কুতুৰিলে তাইক এজোৰ সোণৰ কাণফুল গঢ়াই দিবই লাগে। প্ৰফুল্ল স্বৰ্ণকাৰৰ তাত খবৰ ললোঁ, সোণৰ দাম ধৰি গঢ়নিৰে সৈতে কুৰি টকাব কমে নহব। ইমান টকা একেলগে পাওঁ কত? উধম সিঙ ধাৰ দিয়া মহাজন নহয়। কপাল ভাল থাকিলে সুবিধাও এটা ওলায়। মৰিয়নি ষ্টেচনত বাচৰপৰা নামি ৰেল ধৰিবলৈ পেচেঞ্জাৰ এটাই খৰ-খেদা লগাওঁতে মনি-বেগটো বাছতে পেলাই থৈ গ'ল। কিছু সময় বেগটো ভৰিবে গচকি ঢাকি ধৰিলোঁ; পেচেঞ্জাৰ নামি শেষ হোৱাত সাউতকৈ হাতত তুলি চাহৰ দোকানলৈ বেগ দিলোঁ। জীৱনত সেইটোৱেই প্ৰথম চুৰি; বেগটো ৰখাওঁ নে ওভোতাই
১২১