সমললৈ যাওক

পৃষ্ঠা:সেউজী পাতৰ কাহিনী.pdf/১২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

সেউজী পাতৰ কাহিনী

কিতাপত নিলিখে, মাষ্টবেও নপঢ়ায়।” বিড়িটোৰ আগৰ ছাইখিনি জোকাৰি পুনৰ কলে, “কিছু শিকোঁ লোকৰপৰা, কিছু নিজৰ জীৱনৰ পৰা। মোৰ জীৱনৰ কথা শুনিবা?”

 প্ৰেমই শুনিবলৈ আগ্ৰহেৰে কাষ চাপিল।

 “ময়ো তোমাৰ দৰে গাৱলীয়া আছিলোঁ, গৰু চৰাই, হাল বাই ধিক্কাৰ লাগিছিল। তাতে বোপাইৰ কথাই কথাই খং। গৰু পোৱালি এটা ঘৰলৈ নাহিলেই, বাৰী লুৰুকি খৰি একোছা নানিলেই পিঠিত বাবৰি বাছে। ঘৰৰপৰা সেই কাৰণেই পলালোঁ। পিছে টাউনলৈ আহিও সেই একে গতি হৈছিল। উকিল এজনৰ ঘৰত মাহে তিনি টকাকৈ চাকৰ সোমালোঁ; দোকমোকালিৰপৰা মাজ নিশালৈকে জিৰণি নাই। বাচন-বৰ্তন মজা, ঘৰ সৰাৰপৰা বাৰীত কোৰ মৰালৈকে কোনো কাম কবিবলৈ বাকী নাই। চাকৰৰ যেন লোহাৰ শৰীৰহে— একোতে পোটোকা নপৰে। উকিলনী জনী ও বাঘিনী—মুহূৰ্ত্ত মুখৰ খতি নাই; হোৱাই নোহোৱাই গালি-শপনি। এদিন গিৰিয়েকক লগাই জোতাৰে মৰালে; বোপাইৰ হাততো এনে মাৰ-খোৱ৷ নাছিলো। সেই দিনাই উকিলৰ ঘৰ এৰিলোঁ; কুৰি দিনৰ দৰ্ম্মহা পাব লগা আছিল, তাকো নিবিচাৰিলোঁ। আহি সোমালোঁহি উধম সিঙৰ মটৰ কাৰখানাত। মহাজনে অৱশ্যে মৰমেই কৰিলে; তিনি মাহৰ মূৰত লাইন বাচত হেণ্ডিমেনৰ কাম দিলে।”

 নুমোৱা বিড়িটোত দিয়াচলাই কাঠীটো মাৰি পুনৰ আৰম্ভ