সেউজী পাতৰ কাহিনী
আশা লৌকায় ঝামুৰ ঝুমুৰ পাছা লৌকায় ছায়া
ধীৰে সুস্থে বাইও লৌকা আমি বন্ধুৰ কান্দোন শুনি ৰে।
কাইন্দ না কাইন্দ না বন্ধু ৰে, না কান্দিও আৰ
ঘৰে আছে অলঙ্কাৰ বন্ধু আবেক বিয়া কইৰ ৰে।
শুন শুন বন্ধু
আমাৰ কইথা শুন ৰে।
বেৰত মূৰটো আওজাই ভৰি দুখন আগলৈ মেলি প্ৰেমই তন্ময়ৰে গান শুনিলে। লগৰীয়াবোৰে লৰাটোৰ গানৰ এটা দুটা কলি শুনিলেই “থাক্ থাক্, গাধই চিঞৰিব নেলাগে—” বুলি জোৰ কৰি বন্ধ কৰায়। প্ৰেমই গোটেই গানটো মনোযোগেৰে শুনাত লৰাটোৰ স্ফুৰ্ত্তি বাঢ়িল; সঙ্গীৰ প্ৰতি পুতৌও হ'ল। মেলি দিয়া প্ৰেমৰ ভৰি দুখন জোকাৰি দি নাটকীয় সুৰত কলে; “কি গাৱঁলীয়া প্ৰেমত পৰিলাহে? একেজনী ছোৱালী ভাল পাবা, তাইক বিয়া কৰাবা, ঘৰ-সংসাৰ পাতিবা, লৰা-ছোৱালী ফুকাবা—বচ্, প্ৰেম খতম হৈ গল।”
কথাখিনি স্পষ্টভাৱে শুনিবলৈ প্ৰেমই লৰাটোৰ পিনে মূৰটো দোৱাই দিলে : প্ৰেমৰ আগ্ৰহ দেখি সি উৎসাহেৰে কলে,—“ঘৰ-সংসাৰ কৰিলে প্ৰেম নহয়; প্ৰেম তেতিয়া মৰি যায়; তাৰ দুৰ্গন্ধহে সৌ নৰ্দমাটোৰ দৰে ওলায়।” বিড়িটোত আৰু এটা হোপা মাৰি কলে,
“ময়োতো গাৱঁৰে লৰা আছিলোঁ; দেখিছোঁ নহয়
কত ডেকাই সাধ্য সাধনা কৰি মন যোগাবলৈ কত বস্তু উপহাৰ
১১৮