সেউজী পাতৰ কাহিনী
নোৱাৰিলা কিয়? তিৰোতাক জোৰ কৰি ভাল পাব নোৱাৰি, বুজিছা?”
“তাই নিজেও যে মোক ভাল পাইছিল।”
“তোমাক ভাল পোৱা বুলি মিছায়ে ভাবিছা! তোমাৰ লগত তাই লৰা-ধেমালি খেলিছিল; তোমাক নচুৱাই চাইছিল। সঁচাকৈ কোৱাচোন, তাইক তুমি তিৰোতা কৰিবলৈ বিচাৰি ছিলানে, নাই তাইৰ অন্তৰত উঠা যৌৱনটো জগাবলৈ চেষ্টা কৰিছিলা? পিয়াহত থকা মানুহক মুখৰ কথাৰে সন্তোষ লগাব নোৱাৰি, বুজিছা?”
“বৈৰাগীক তাই দুই চকু পাৰি দেখিবই নোৱাৰিছিল......।” “আহা হা; বৈৰী ভাৰত বৈৰাগীক লাভ কৰিলে, বঢ়িয়া কৈছা, বঢ়িয়া কৈছা,” হে-হে-কৈ হাঁহিবলৈ ধৰিলে।
“তুমি নুবুজিবা, তাইৰ দৰে ছোৱালী........" প্ৰেমৰ কথাষাৰ শেষ নৌহওঁতেই লৰাটোয়ে মুখ ভেঙুচালি কৰি কলে,—“তাইৰ দৰে ছোৱালী! ওলোৱা মোৰ লগত— তাইৰ দৰে ছোৱালী ৰাতিটোৰ ভিতৰত কেইগণ্ডা তোমাক গটাব পাৰোঁ৷ আহিবা মোৰ লগত? জেপত পইচা আছে তো?” নিজৰ জেপৰ পইচা কেইটা জুনজুনাই বজালে। বাওঁ চকুটে৷ জপাই বিড়িটোত টানকৈ হোপা এটা মাৰি কলে।— “আ-হা, আ-হা, কি বুকেৰ জালা গো!”... ব্যঙ্গপূৰ্ণ বিষাদৰ শব্দ কৰি প্ৰেমৰ বুকুত হাতখন দি ভাটিয়ালি সুৰত গীত জুৰিলে,
হে বন্ধু ৰে...
১১৭