সেউজী পাতৰ কাহিনী
ঢেকুঢেক্কৈ হাঁহিলে। তিনি আঙুলীয়া জিভাৰেই যেয়ে যিমান পাৰে মনৰ হেপাহেৰে দেৱেশ্বৰৰ ঘপিয়ালে।
দূৰৈত থকা মহীধৰে সেই উখনা-উখনিত দুই তিনিবাৰ পুতেকৰ নামটোৰ উল্লেখ শুনি, কিবা অপ্ৰিয় প্ৰসঙ্গ ওলাইছে বুলি উগ্ৰ প্ৰতিবাদৰে মূৰ মুখ জোকাৰি জোকাৰি কলে, “প্ৰেমই সেইজনী ছোৱালী কি ৰূপ গুণ চাই বিয়া কৰাব বুলি ভাবিছিলাহঁক। মোৰ লৰালৈ গাৱঁত কিবা ছোৱালীৰ আকাল হৈছেনে? মাক নোহোৱা ছোৱালী; শাসন নাই; বয়সতো বুঢ়ী—সেই জনীক বোৱাৰী কৰিবলৈ নেপাইহে আমি মৰিছোঁ।” কথাৰ সুৰ পৰিবৰ্ত্তন হল; ইমান পৰ কাৰো গাত নলগাকৈ যাৰে যি ইচ্ছা তাৰে আলোচনা চলিছিল, যাৰে যি মন গৈছিল সঙ্গতি থাককেই বা নেথাকক কাৰ্পণ্য নকৰাকৈ উপদেশ দিছিল। উপদেশ অযাচিতে আৰু মুক্ত হস্তেই মানুহে দান কৰে। মহীধৰৰ উত্তৰত ব্যক্তিগত কথা পৰিস্ফুট হ'ল। দেৱেশ্বৰৰ এই বিপদৰ সময়ত, মহীধৰ দেৱেশ্বৰৰ মাজত কুৰুক্ষেত্ৰ এখন সৃষ্টি হোৱা কোনেও বাঞ্ছা নকৰিলে। প্ৰকৃত কথাৰ সম্ভেদ লোৱাৰ লগে লগে লোকৰ অপবাদ শুনাৰ উৎসুকো অন্ত পৰিল। লাহে লাহে এজন দুজনকৈ সকলোৱে হাঁ-হুতাশ এৰি দেৱেশ্বৰৰ বাহী চোতাল এৰিলে। লোকৰ ঘৰৰ কলঙ্কৰ কাৰণে অধিক সময় থিয়াথি কৰি চিন্তা কৰিবলৈ অৱসৰ ক'ত?
দেৱেশ্বৰৰ চোতালৰ পৰা প্ৰেম পোনে পোনেই তোষেশ্বৰ অধ্যাপকৰ ঘৰ পালেগৈ। অধ্যাপকে পঞ্জিকাব পাত লুতিয়াই
১১৪