সেউজী পাতৰ কাহিনী
দুৰ্ব্বোধ।” শাস্ত্ৰবচন আওৰোৱাৰ গৌৰৱত মূৰটো পোনাই চাৰিওপিনে চালে।
“কি দুৰ্ব্বোধ-সুবোধৰ কথা কোৱাহে। পুৰুষ ভুলোৱা তিৰোতাৰ স্বভাৱেই; বিষ্ণুয়েও মোহিনী ৰূপতহে হৰক মুহিবলৈ গৈছিল,”— মেঘনাদব দৰে জুমৰ আঁৰৰপৰা এজনে বাণ বৰষিলে।
“প্ৰভূয়ে যাক যি স্বভাৱ দি সৃষ্টি কৰিছে—তাকনো এৰাব কেনেকৈ, তাৰ বাৱে দোষৰ ভাগীকেই বা কৰিবা কাক? মানুহ খায় বুলি বাঘক নিন্দা কৰিবা, নে বাঘৰ হাত সাৰিবলৈ তাৰপৰা আতৰি থাকিবা,”— প্ৰত্যুত্তৰ আহিল ডেকা এজনৰপৰা।
“এ পাণ হলেই বগাবলৈ গছ বিচাৰে তেহেলৈ তামোল গছেই হওক, মদাৰ গছেই হওক।”
“প্ৰেমৰ লগতে ইমান দিনে লেঠাটো ছিঙ্গি পেলোৱা হলে এইবোৰ ঘটিবলৈ নেপালেহেঁতেন! উঠন ছোৱালী; তাতে দিন নাই ৰাতি নাই ডেকা মানুহটোবৰ লগত ছাঁৰ দৰে লাগি আছে—তাইৰনে৷ তালৈ ভাব এটা নহব কিয়?” যাৰে মুখত যি ওলাল, বাচ-বিচাৰ নোহোৱাকৈ কৈ গ'ল।
“থোৱাহে, প্ৰেমৰ দৰে দেৱতাটো এৰি সেই অসুৰটোলৈ তাইৰ মন যাব পাইনে?” জিকাৰ খাই উঠি এজনে মাতিলে।
“তিৰোতাই অসুৰহে বিচাৰে, দেৱতা নিবিচাৰে”— অন্য এজন ডেকাই মুখ ভেঙুচালি কৰি কোৱাত, ওচৰৰ কিজনে
১১৩