সেউজী পাতৰ কাহিনী
আহিলেও মই ঘৰ সোমাবলৈ নিদিওঁ।” কথাষাৰ সঁচাকৈয়ে
কৈছেনে—দেৱেশ্বৰৰ নিজৰে সন্দেহ হ'ল।
লোকৰ বেয়া বতৰা বতাহৰ লগত উৰে। প্ৰেমৰ মুখৰ
পৰাই মুহূৰ্ত্তৰ ভিতৰতে গোটেই গাৱঁতে ঘটনাটো ৰাষ্ট্ৰ হ'ল৷
প্ৰেমই মানুহৰ ঘৰে ঘৰে কেনেবাকৈ কোনোবাই বৈৰাগী
আৰু আলতীক পুৱতি নিশা কৰবাত দেখিছিল নে সুধি
ফুৰিলে। সহানুভূতি দেখুৱাবলৈ মানুহৰে দেৱেশ্বৰৰ ঘৰ উবুৰি
খাই পৰিল; প্ৰেমৰ বাপেক মহীধৰেই প্ৰথম ওলালহি-
ঔৎসুক্যত।
“চেহেৰা-পাতি দেখিয়েই মনে ধৰিছিল— কৰবাৰ ভণ্ড,
বিৰাল-তপস্বী; মতলবতহে ইয়ালৈ আহিছিল। তুমিও ভাল
তাক ঘৰ লগায়ে বিপদ চপাই ললা।” মহীধৰে উপযাচি
মন্তব্য কৰিলে।
নিজৰ ভুলৰ কাৰণেই যে এই মাৰাত্মক বিপদ ঘটিল—
দেৱেশ্বৰে বঢ়িয়াকৈ উপলব্ধি কৰিছিল। গতিকে কাৰো প্ৰতি
তেওঁৰ খং-ক্ষোভ নাই; কাৰেৰপৰা সহানুভূতিয়েও আশা কৰা
নাই। দৰাচলতে মানুহে সহানুভূতি দেখুৱাবলৈ বিপদত পৰা
জনৰ ওচৰলৈ নাহে; আহে দুৰ্ভগীয়া জনক পুতৌ কৰি নিজে
আনন্দ অনুভৱ কৰিবলৈ; নিজৰ বিপদহীন সৌভাগ্যৰ অৱস্থাৰ
গৰ্ব্বই এই সহানুভূতিৰ মাজেদি আত্মপ্ৰকাশ লভে।
চাৰিওপিনে আগুৰি থকা মতা-তিৰোতাই নিজৰ ভিতৰতে
নিজে আলোচনা কৰিলে— মন্তব্যও দিলে। দেৱেশ্বৰে কাৰো