সেউজী পাতৰ কাহিনী
“ভগৱানৰ অভিশাপ, পূৰ্ব্বপুৰুষৰ দুষ্কৃতিৰ ফল মই ভোগ কৰিব লগা হল। প্ৰভু, কিমান কষ্ট দিয়া, দি থাকা; এই জন্মতে সকলো পাপৰ প্ৰায়শ্চিত্ত হওক। অহা জন্মত আৰু শাস্তি ভোগ কৰিবলৈ নথবা।”
প্ৰেমই হুক্-হুক্কৈ কান্দিছে, দেৱেশ্বৰৰ কোনো কথাই তাৰ কাণত পৰা নাই।
“তই কান্দিছ কিয়? প্ৰেম, তই নেকান্দিবি; তোৰ পিতায়েৰে মোৰ ছোৱালী নিবলৈ আপত্তি কৰিয়েই আছিল। ভালেই হ’ল, এতিয়া পিতায়েৰৰ পছন্দমতে ছোৱালী এজনী আনি ঘৰ-সংসাৰ কৰ। আলতীক নিয়াহেঁতেন বুঢ়া বয়সত পিতায়েৰে মিছাতে মনোকষ্ট পালেহেঁতেন।” দেৱেশ্বৰে দীঘল নিশ্বাস পেলালে।
কান্দি কান্দিয়েই প্ৰেমই কলে, “নাই, নাই, নিজ ইচ্ছাৰে আলতী কেতিয়াও যোৱা নাই। নিশ্চয় তাইক মন্ত্ৰ-তন্ত্ৰ কৰিলে। নিদ্ৰা-বাণ মাৰি কব নোৱাৰাকৈ তাইক টোপনিতে পলুৱাই লৈ গৈছে।”
দেৱেশ্বৰে মাথোন, প্ৰভু, প্ৰভু বুলি হা-হুতাশ ত্যাগ কৰিলে।
“তুমি চিন্তাই নকৰিবা; মই তাইক ঘূৰাই আনিমেই আনিম। আলতী নহলে মই কাৰ সৈতে ঘৰ সংসাৰ কৰিম?” সৰু লৰাৰ দৰে প্ৰেমই কেঁকুৰিলে।
“নেকান্দিবি, নেকান্দিবি, যি হব লগা হ’ল; তাই ঘূৰি