সমললৈ যাওক

পৃষ্ঠা:সেউজী পাতৰ কাহিনী.pdf/১১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

সেউজী পাতৰ কাহিনী

ভাল মুখৰে তাইক মাত এবাৰ মাতিব নোৱাৰ! লৰাক, এই কেইদিনেই সুখ কৰি ল; বিয়াৰ পিছত তোৰ আগত আলতীৰ ওলাবলৈকে দিম হবলা?”
 বৈৰাগী লাহে লাহে আৰোগ্যৰ পথলৈ আহিলে; বাহিৰ ভিতৰ ওলাই সোমাই ফুৰিব পৰা হৈছে। বৈৰাগীৰ আৰোগ্যত দেৱেশ্বৰৰে৷ আনন্দ; গাৱঁৰ নামঘৰত শৰাই আগবঢ়োৱা হৈছে। সকলোৱে কোৱাকুই কৰে— দেৱেশ্বৰৰ ওপৰত ভগৱানৰ অশেষ কৰুণা, সেইহে কুলাঙ্গাৰ পুতেকৰ ঠাইত দামোদৰ সাক্ষাত পুত্ৰ লাভ কৰিলে। আইসকলৰ মুখে মুখে আলতীৰো প্ৰশংসা। দিন নাই ৰাতি নাই, বিৰাম নাই বিশ্ৰাম নাই— বেচেৰী বৈৰাগীৰ আলপৈচানতে লাগি আছে। ঘিণ-ঘাণ নোহোৱাকৈ গু-মুতৰ চৰিয়া পেলায়, হগা-মুতা কাপোৰ ধোৱে। আই-বোপাইকো আজিকালি পেটৰ পোৱালীয়ে এনেদৰে সেৱা-শুশ্ৰূষা প্ৰতিপাল নকৰে। অপদাৰ্থ প্ৰেমৰো ভাগ্য কম নহয়—আলতীৰ দৰে গুণী-জ্ঞানী ছোৱালী এজনীক তিৰোতা বাবলৈ পাব।
 বৈৰাগীৰ শৰীৰ পূৰ্ব্বৰ দৰে টনকিয়াল হ'ল; বেমাৰৰ পূৰ্ব্বলতা নাই। গাৱঁৰ মানুহৰ ইচ্ছা বৈৰাগী যেন গাৱঁতে থাকে। গৃহী মানুহ দেৱেশ্বৰৰ ঘৰত থাকিবলৈ যদি আপত্তি, গঞাই মিলি জুলি ঘব এটা বান্ধি দিব। বৈৰাগী মান্তি হোৱা একে ঠাইতে সৰহ দিন থকা বৈৰাগীৰ ধৰ্ম্ম নহয়; একে

ঠাইতে সবহ দিন থাকিলে সংসাৰলৈ মায়া বাঢ়ে। এই গাৱঁত

১০৮