সেউজী পাতৰ কাহিনী
“আলতী তই একোকেই কৰিব নেলাগে; আমিয়েই সকলো কৰিম। তই কেৱল বিছনাখন যতনাই থবি।”
বৈৰাগীক আনি নৰেশ্বৰৰ বিছনাত শুওৱা হ'ল। বৈৰাগীৰ মাজতে হেৰোৱা পুতেকক ঘূৰাই পোৱাৰ আনন্দই দেৱেশ্বৰক মুহি পেলালে। দেৱেশ্বৰে কন্দৰ্প কবিৰাজক আনি চিকিত্সাৰ ব্যৱস্থা কৰালে; ঔষধ-পাতি যি লাগে নিজৰ পইচাৰে সংগ্ৰহ কৰিলে। প্ৰেমই লগৰীয়াহঁতৰ লগত পাল পাতি ৰাতি-ৰাতি পৰ দিয়ে। ঔষধ-পাতি, পথ্য খুওৱা ভাৰ অনিচ্ছা স্বত্বেও আলতীৰ গাতে পৰিল। প্ৰেমই মাজে মাজে সোধেহি,— “আলতী, দুপৰীয়াৰ বড়িটো মাৰিছিলিনে; নাই মৰা যদি মাৰি খুৱাবি।”
“এইমাত্ৰ বেমাৰীৰ গু-মুত পেলাই গা-তিয়াই ৰান্ধনী ঘৰত সোমাবলৈ আহিছোঁহে, এতিয়া বড়ি-চড়ি মাৰি খুৱাবৰ মোৰ সময় নাই। তুমিয়েই খুৱাই যোৱা।” বিৰক্তিত আলতীয়ে কয়।
“পিতায়ে গৰু কেইটা পালত সুমুৱাই দি আহিবলৈ কৈছে; পলম হলে বুঢ়াৰ খঙে মূৰ চুলিৰ আগ পাবগৈ। তই হেলা নকৰিবি, খুৱাবি। চাউল খচা পানীহে তেও অনুপান।”
আলতীৰ সমৰ্থনলৈ বাট নেচাই প্ৰেম অন্তৰ্দ্ধান হয়। আলতীয়ো বাধ্য হৈ ৰান্ধনী ঘৰৰপৰা গৈ বাহি বিছনাত বেমাৰীক ঔষধ-পাতি খুৱাই আকৌ গা তিয়াই ৰন্ধা-বঢ়াত লাগেহি। বেমাৰীৰ পথ্য সুকীয়া। ৰান্ধিবও লাগে সুকীয়া চৰুত। পুৰণা জহা চাউলৰ ভাত, মগু মাহৰ ডাইল, মাগুৰ
১০৫