সমললৈ যাওক

পৃষ্ঠা:সেউজী পাতৰ কাহিনী.pdf/১১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

সেউজী পাতৰ কাহিনী


 হাতত সোতাটো লৈ কাষেদিয়েই আলতী গৈছিল— “আলতী তই কি কৱ?” বাপেকে আলতীৰ পিনে মূৰ তুলি সুধিলে।

 “কিহৰ?” আলতী থিয় দি ৰ'ল।

 “বৈৰাগীৰ বোলে বৰ জ্বৰ। প্ৰেমক কৈছোঁ বৈৰাগীক আমাৰ তালৈকে লৈ আহক। ককায়েৰৰ পৰি থকা বিছনাতে থাকিব পাৰিব।”

 “সেইবোৰ বাটৰ জেং ঘৰত নুসুমুৱাই ভাল।” কথাষাৰ কৈয়ে প্ৰেমৰ চকুলৈ খন্তেক চাই ৰ'ল।

 “নহয়, নহয়, আলতী; ম‍ইহে তহঁতৰ ঘৰলৈ অনাৰ কথা কৈছোঁ।”

 “তুমিনো আকৌ নলগা জেঙত লাগিবলৈ গৈছা কিয়? ইয়ালৈ আনিলে বেমাৰী মানুহ জনক সেৱা-শুশ্ৰূষা কৰিব কোনে?” আলতীৰ উত্তৰত কঠোৰতা।

 “সেইবোৰ কথা তই ভাবিবই নেলাগে। গাৱৰ লৰাবোৰ কিবা নোহোৱা হলনে? সকলোৱে পাল পাতি পৰ দিব। তোৰ গাতে সকলো বোজা পৰিব বুলি ভয় নেখাবি।”

 “আই, তিৰোতাৰ সেৱাই ধৰ্ম্ম। ছোৱালী হৈ শুশ্ৰূষা কৰিব লাগিব, স্ত্ৰী হৈ সেৱা কৰিব লাগিব, মাক হৈ মৰম কৰিব লাগিব। অসহায় অনাশ্ৰয়ক সেৱা কৰিবলৈ পোৱা ভাগ্যৰ কথাহে।” দেৱেশ্বৰে সেৱাধৰ্ম্মৰ প্ৰবচন আওৱালে।

 অনুমতি প্ৰাৰ্থনাৰ দৃষ্টিৰে আলতীলৈ চাই প্ৰেমই কলে,—

১০৪