সেউজী পাতৰ কাহিনী
কিন্তু দুখ; খাওঁতা কোনো নাই। সেইহে শাস্ত্ৰত কৈছে সুখ আকাশৰ চন্দ্ৰটোৰ দৰে; কেচুৱাই জোনটো হাত মেলি পাবলৈ চেষ্টা কৰে—কিন্তু পাব নোৱাবে। সংসাৰী মানুহে কেচুৱাৰ দৰে সুখ সুখ বিচাৰি মিছাতে হামৰাও কাঢ়ি মৰে।” শুৱলা উপমাটোৰ প্ৰয়োগত শুনোতাসকলৰ মুখত তৃপ্তিৰ চিন বিৰিঙিল। “হৰি, হৰি, কেনে ৰজিতা খুৱাই কথাষাৰ ব্যাখ্যা কৰিছে।” প্ৰশংসাত গদ গদ হৈ আগশাৰীত বহা দেৱেশ্বৰে মূৰ দুপিয়ালে।
“সুখ মায়া-মৃগৰ পিছত লৰোঁতে লৰোঁতে আমি পাওঁ কি? মায়া-মৃগৰ মৃত্যুৰ লগতে আমাৰ জীৱনলৈ আহে দুখ৷ সেইহে কৈছোঁ জীৱৰ জীৱন দুখেই আচ্ছন্ন কৰি থৈছে। জন্মৰপৰা মৃত্যুলৈকে সকলোৱে দুখকেই পাইছো। মহাভাৰত-ৰামায়ণ শাস্ত্ৰই মানুহৰ জীৱনত দুখেই যে প্ৰধান সত্য তাকে দেখুৱা নাইনে? সসাগৰা পৃথিবীৰ ৰজা হৈয়ো কৌৰৱৰ দুখ; ঈশ্বৰ পুৰুষ শ্ৰীকৃষ্ণক সখা পায়ো পাণ্ডৱৰ দুখ; অৱতাৰ পুৰুষ ৰামৰ দুখ; পৃথিবীৰ জননী আই-মাতৃ সীতাৰ দুখ। দুখ নাই পোৱা বুলি আপোনালোকৰ কোনো জনে কব পাৰিবনে?”
বৈৰাগীয়ে কঠোৰ মাতেৰে প্ৰশ্নটো কৰি শুনোতাসকললৈ পুনৰ চকু তুলি চালে; কাৰো মুখত তু-তা শব্দ নাই; সেই অস্বস্তিকৰ নিস্তব্ধতায়ে যেন প্ৰশ্নটোৰ সমিধান দিলে। মুখৰ আগত উ উ কৈ ঘূৰি থকা মউ-গুটিটো কান্ধৰ গামোছাৰে খেদাই মাতটো কোমলাই বৈৰাগীয়ে আৰম্ভ কৰিলে, “সেয়েহে
১০১