সেউজী পাতৰ কাহিনী
ইঞ্জিনৰপৰা মূৰ তুলি লৰাটোলৈ চালে। তাৰ মুখত কোমল
ভাব ; চকু দুটাত নির্দোষ চাহনি ।
“কলৈ যাবি ?” পেণ্টৰ জেপৰপৰা উলিৱা ৰুমালত মলিয়ন
হাত দুটা মছি চাহাবে সুধিলে।
“সৌ বাগিচালৈ ?” দূৰৈৰ অনিৰ্দ্দিষ্ট নেদেখা বাগিচাৰ
পিনে আঙুলিয়াই লৰাটোৱে কওঁ নকওঁকৈ উত্তৰ দিলে ।
“তাত ঘৰ ?”
“ওহোঁ।” মূৰ জোকাৰিলে ৷
“কেলৈ যাৱ ?”
“কাম বিচাৰি যাওঁ ।”
“কি কাম কৰিবি ?”
“জানো কি কাম পাওঁ।” চাহাবৰ লগত কথা পতাৰ
লগে লগে লৰাটোৰ সাহস বাঢ়িল । সি একেবাৰে কাষ
চাপি তললৈ মূৰ জোঁৱাই মটৰৰ ইঞ্জিনটো লক্ষ্য কৰোতে
কাষলতিৰে টোপোলাটো হেচি ধৰিলে ।
“মোৰ বাগিচাত চাকৰি কৰিবি ?”
বিশ্বাস অবিশ্বাস মিহলি চকুবে লৰাটোৱে খুববে কাটি চিতা
পখৰা কৰা চাহাবৰ মুখলৈ চাই কওঁ নকওঁকৈ কলে, “কৰিম।”
“আহ ; ওচৰলৈ আহ, ।” তাৰমিনেলব পইণ্ট কেইটা
টানি চেল্ফষ্টাৰ্টৰ তাঁৰৰ জইন্তত হাত থৈ চাহাবে মূৰ জোকাৰি
লৰাটোক কাষলৈ মাতিলে ।
“এই তাঁৰ দুডাল হেচি ধৰিবি ; মই তলৰ নট টান কৰিম ।”