এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩য় অ, ৪ৰ্থ দৃ]
৩৯
সিদ্ধি লাভ।
| বাসনা মোৰ পূৰ্ণ হ'ল। মাত্ৰ শ্ৰীচৰণ সেৱা কৰি মৃত্যু বৰণ কৰিব পাৰিলেই এতিয়া মোৰ স্বৰ্গ লাভ হয়। |
| ৰজা— | প্ৰিয়ে, বনবাসত চাগৈ বহুত কষ্ট সহ্য কৰিছা? |
| সুনীতি— | আপোনাৰ শ্ৰীচৰণ দৰশনে মোৰ শত কষ্টকো নিমিষতে হৰিলে স্বামী। মোক ধন ৰত্ন একো নালাগে। যদিহে দাসীলৈ দয়া হয়, এই দৰেই যেন মাজে সময়ে মনত ৰাখে । |
| ৰজা — | কি কৰিম সুনীতি; মোৰ ভোগ ভাগ্য সকলোৱেই মায়াৰ চলনা। যেনিয়েই চকু যাই তেনিয়েই অন্ধকাৰ দেখো। |
| সুনীতি— | মনৰ দুৰ্ব্বলতা ত্যাগ কৰক মহাৰাজ, আজি আপুনি বৰ ক্লান্ত। আজিলৈ বিশ্ৰাম কৰক, পুৱাও অনেক কথা পাতিমহক । |
| ৰজা— | ব'লা বাৰু প্ৰিয়ে। [ প্ৰস্থান ] |
দৃশ্যপট।