সমললৈ যাওক

পৃষ্ঠা:সিদ্ধি লাভ.pdf/৪১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৩য় তা, ২য় দৃ ] সিদ্ধি লাভ। হেনে৷ তিনি ত্ৰৈলোক্য মুগ্ধ হ'ব। তোমাৰ সপোনো শীঘ্ৰে কলিয়াৰ সুনীতি। মহাৰাজে নিজে আছি তোমাক বিচাৰি নিবহি। সুনীতি—আই, আমাৰনো তেনেধন ভাগ্য হ'বনে? সিমান ভাগ্যৱান হোৱা হ'লে দেখোন বনবাসকে খাটিব নেলাগে। মোৰ নাহি আই : মাত্ৰ স্বামী কোনো আকাঙ্ক্ষা তেনে দেৱতা সুখে থাক। তেতিয়াই মোৰ সকলো হ'ব। স্বামীৰ সুথেই মোৰো সুখ আই আশীৰ্ব্বাদ কৰিব, ইহকাল পৰকালৰ গতি স্বামীদেৰতাৰ চৰণত যেন সদায় দাসীৰ একান্ত ভক্তি থাকে। ভদ্ৰা— যথাৰ্থই তুমি সতী আই, তোমাৰ সৌভাগ্য অচিৰে উদয় হ'ব। প্ৰতিধিনে পত্নীৰ গতি নাই। মহাৰাজে তোমাক পাহৰিব নোৱাৰে নীতি। হাজাৰ হলেও তুমি ধৰ্ম্মপত্নী। বাকেনে কি দূষিবা আই, সংসাৰৰ ৰীতি যেনে হয়, সংসাৰীয়ে তাক পালন কৰিবই লাগিব। সুচীৰ প্ৰেমত অন্ধ হৈ ৰজাই তোমাক ত্যাগ কৰিলেও সোনকালে নিজৰ ভুল বুজিব। সুনীতি—আই মোৰ ভাগ্য ম‍ই নিজেই গঢ়িছো। সেই বিষয়ে মহাৰাজ সম্পূৰ্ণ নিদোষী। ৰজাই পুনব্বিবাহ নকৰাৰলৈ সঙ্কৰ কৰিছিল। কিন্তু পুত্ৰৰ আশাত মোৰ অনুৰোধ উপেক্ষা কৰিব নোৱাৰিহে মান্তি হব লগা হয়, তত্ৰাচ মোৰ প্ৰস্তাৱ ৰক্ষা কৰিবলৈ মহাৰাজে চকুলো টুকিলে। এতিয়া কোন মুখেৰে আকৌ মই নহাৰাজৰ অগুণ কব পাৰে। আই,