এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩০
[৩য় অ, ২য় দৃ
সিদ্ধি লাভ।
| সেই হেন জলৰ ৰজা, স্থলৰ ৰজা, বনৰ ৰজা জনৰ আক থকা ঠাইৰ কথা সুধিব লাগিছে! |
| ৰজা — | ৰাণী, য'তে ৰাতি হয় ত'তে থাকিব পৰাকৈ আমাৰ লগত সকলো জোগাৰ আছে। গতিকে যাতে ৰাতি হয় তাতে থাকিমহঁক। চিন্তাৰ কোনো কাৰণ নাই, এতিয়া যাওঁহে প্ৰিয়ে। |
(প্ৰস্থান)
| উদাস— | হক মোৰ ঈশ্বৰ, আজিলৈ ভাল সৰুৱালা। |
(ৰজাৰ পাছে পাছে প্ৰস্থান )
| সুৰুচী — | ৰজাই জানোচা মৃগয়ালৈ বুলি সুনীতিকেহে বিচাৰি ওলাইছে। সেয়ে হলেওনো কোনে ক'ব। বাৰু সেয়ে হওক মৃতকৰ ক্ৰিয়ালৈ বুলি মৃগয়ালৈ ওলোৱাত থকা বন্ধা কৰা উচিত নহব। ময়ো যাওঁ, ৰজাই ৰাজ কাৰ্য্যতো চকু দিবলৈ কৈছে। |
( প্ৰস্থান)
⸻
দ্বিতীয় দৃশ্য
(সুনীতিৰ কুটিৰ )
ভদ্ৰা, সুনীতি।
| ভদ্ৰা— | তুমি বেজাৰ নকৰিবা আই, দেৱে কৈছে তুমি বৰ ভাগ্যৱতী, তোমাৰ এটি পৰম বৈঞ্চৰ পুত্ৰ লাভ হ'ব, আৰু তাৰ গুণত |