এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
১ম অ, ২য় দূ ] সিদ্ধি লাভ। আজি যি লাঞ্ছিত হ'লো; তালৈ চাই মন্ত্ৰীত্ব কৰাতকৈ মাগী খোৱাও ভাল। ৰজা বিলাসী হ'ল যেতিয়া ৰাজ্যও বেচি দিন নিটিকে। বিলাসী ৰজাৰ ৰাজ্যত বেচি দিন নিটিকে। বিলাসী ৰজাৰ ৰাজ্য কেতিয়াও স্থায়ী নহৰ। আমাৰ কথা এৰিছোৱেই, সতিনীৰ হাতত সেই লক্ষ্মীস্বৰূপা ৰাণী গৰাকীৰো দেহি অশেষ লাঞ্ছনা। চা! তোমাৰ স্পন্ধাই আকাশ পাতাল ভেদিছে। কিন্তু মনত ৰাখিবা, সতী তিৰোতাৰ শাপে তোমাক এদিন নিশ্চয় চব। [ প্ৰস্থান ] দ্বিতীয় দৃশ্য। ৰাজ সভা। [ ৰজা উত্তানপাদ আৰু ৰাণী হুচী বহি থাকে আৰু পাৰিষদ বৰ্গই চামৰ ব্যঞ্জন কৰে ]। নৰ্ত্তকীৰ গীত ( কেনে) মৌ পিয়া পিউ সুৰ অমীয়া বিণি ৰিণি জিনা হিয়। নিয়া- আকুলি উথলে অকুল বাৰি ( কিনো ) হালিছে জালিছে- প্ৰেম দুলাবি মুখত মুখে মিলাই—চকুত চেনেহ বিলাই প্ৰেমিক পৰষে প্ৰাণ মতলীয়া।