সমললৈ যাওক

পৃষ্ঠা:সিদ্ধি লাভ.pdf/৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১ম অ, ২য় দৃ ] সিদ্ধি লাভ। ২১


আজি যি লাঞ্ছিত হ'লো; তালৈ চাই মন্ত্ৰীত্ব কৰাতকৈ মাগী খোৱাও ভাল। ৰজা বিলাসী হ'ল যেতিয়া ৰাজ্যও

বেচি দিন নিটিকে। বিলাসী ৰজাৰ ৰাজ্যত বেচি দিন নিটিকে। বিলাসী ৰজাৰ ৰাজ্য কেতিয়াও স্থায়ী নহয়। আমাৰ কথা এৰিছোৱেই, সতিনীৰ হাতত সেই লক্ষ্মীস্বৰূপা ৰাণী গৰাকীৰো দেহি অশেষ লাঞ্ছনা। চা! তোমাৰ স্পদ্ধাই আকাশ পাতাল ভেদিছে। কিন্তু মনত ৰাখিবা, সতী তিৰোতাৰ শাপে তোমাক এদিন নিশ্চয় চুব।

[ প্ৰস্থান ]

⸻

দ্বিতীয় দৃশ্য।

ৰাজ সভা।

[ ৰজা উত্তানপাদ আৰু ৰাণী সুৰুচী বহি থাকে আৰু পাৰিষদ বৰ্গই চামৰ ব্যঞ্জন কৰে। ]

নৰ্ত্তকীৰ গীত

( কেনে) মৌ পিয়া পিউ সুৰ অমীয়া
 ৰিণি ৰিণি জিনা হিয়া নিয়া—
 আকুলি উথলে অকুল বাৰি
( কিনো ) হালিছে জালিছে- প্ৰেম দুলাৰি
 মুখত মুখে মিলাই—চকুত চেনেহ বিলাই
 প্ৰেমিক পৰষে
 প্ৰাণ মতলীয়া।