সমললৈ যাওক

পৃষ্ঠা:সিদ্ধি লাভ.pdf/২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১ম অ ৩য় দৃ.] সিদ্ধি লাভ। ১৭ উপায় ব্ৰজ।—( উত্তেজিত ভাবে) উপাৰ পোৱা নাই, কিহৰ উপায় লাগে। মোৰ সোণৰ সংসাৰত মই নিজে দুই দিছোঁ। দিয়ে কোনে? নাই, নহয় উপাৰ মই দিম সখা। মোৰ অন্তৰৰ উজ্জ্বল প্ৰতিমা আজি নিজ হাতে মই দলিয়াই- পেলাম। যোৱা বন্ধু সুনীতিক ক’বা—“মহাৰাজ পুৱাতেই মৃগয়ালৈ যাব, লগতে আপোনাকো নিব খোজে।” আপুনি হেনো প্ৰকৃতিৰ সৌন্দৰ্য্য চাই বৰ ভাল পায়।” আৰু ক’বা—'মহাৰাজে আমাক আগতে গৈ নিৰ্দ্দিষ্ট স্থানত উপস্থিত হবলৈ আদেশ কৰিছে। তেখেতে মৃগয়া কৰি পাছত " আহিব ”। উদাশ—উত্তম মীমাংসা মহাৰাজ। ভাবি চিন্তি ময়ো তাকেতে পাইছি। লোগৈ। গাছত বাৰু যি হয় হ'ব। আগেয়ে কোনোমতে ৰাণীক বনলৈ নিব পাৰিলেই হয়। ৰজা—আৰু তোমাক কি ক'ম বন্ধু। কোনো উপায়েৰে তুমি সুনীতিক বনত থৈ আহিব পাৰিলেই পৰম উপকৃত হ'ম, কামৰ যোগ্য পুৰষ্কাৰো আছে, মই এতিয়া আহোঁহে। উদাশ—এৰা, ৰজাই কথাটো ক'লে হয়। কেনেবা লাগিছে। তাতে ৰাণী (প্ৰস্থান ) মনটো দেখোন কেনেবা গৰাকী হন গৰ্ভাৱতী। এনে অৱস্থাতনে বাৰু ৰাণীক নি কেনেকৈ য'তে ত'তে এৰি আহো। কাহানিও আচোৰ এটা নোথোৱা একো- মল শৰীৰত বনৰ কাঁইটৰ নিষ্ঠুৰ আঘাত দেহি কেনেকৈ