সমললৈ যাওক

পৃষ্ঠা:সিদ্ধি লাভ.pdf/২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৬
[ ১ম অ, ৩য় দৃ
সিদ্ধি লাভ।


ৰজা— দ্বিতীয় বিবাহৰ ভোগে মোক জ্বলা-কলা কৰিছে। সৰুৰাণী

কালি ওৰেদিন ৰোহপাতি মাটিত পৰি আছিল। অনেকে অনেক প্ৰকাৰে তাৰ কাৰণ সুধিলেহে হয় কিন্তু ৰাণীয়ে একোকে নকলে। অৱশেষত নিৰূপায় হৈ মই যেতিয়া প্ৰতিজ্ঞা কৰি কলো। “তোমাৰ মনোভাব ব্যক্ত কৰা ৰাণী, মই তাক সিদ্ধি কৰিম।” তেতিয়া সুৰুচীয়ে ক'লে “মোৰ কথা ৰাখিব খোজে যদি আপুনি সুনীতিক বনবাস দিয়ক; সৰু হৈ মই আৰু কিমান লঘু-লাঞ্ছনা সহিম”। প্ৰতিজ্ঞাবদ্ধ হৈ সখা এতিয়া ম‍ই বিমোৰত পৰিছোঁ। সুনীতিক বনবাস নিদিলে দেখিছো সুৰুচী শান্ত নহয়।

উদাশ— ( নিজে ) সঁচাই, দেহি ঘাই পালিয়েই পালে। এতিয়াহে এতিয়া। ( প্ৰকাশ্যে ) এৰা মহাৰাজ; কথাটো এতিয়া ডাঙ্গৰেই নহলনো কি? কি বুলিনো ৰাণী গৰাকীক এতিয় বিনা দোষত বনলৈ পঠিয়ায়। কাহানিও নেদেখা নুশুনা বনৰীয়া জন্তুৰ মাজত ৰাণী গৰাকীক বাৰু কোন সতে বনত থৈ আহে।
ৰজা— ( ভাবি ) কোন সতে আহিবা সখী—কোন সতে আহিবা। প্ৰথম লগৰী স্বৰূপে যাক লৈ জীৱনৰ ভৰা সোঁতত নাও মেলি দিছিলো, সেই সাদৰী লগৰী আজি কি দোষত নিৰ্ব্বাসিত কৰো।
উদাশ— এৰা মহাৰাজ, তাৰেহে এতিয়া কোনো উপায় বিধি পোৱা নাই। আপুনি সৰু ৰাণীক কথা দিলে যেতিয়াটো আৰু ৰাখিবই লগা হ'ল। নহলে সৰুৰাণীয়েও ক'ত এৰিব।