সমললৈ যাওক

পৃষ্ঠা:সিদ্ধি লাভ.pdf/২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১ম অ, ৩য় দৃ ]
১৫
সিদ্ধি লাভ।


সময় ন'হব। বেলি প্ৰায় গধূলিয়েই হ'ল [ দুৰলৈ চাই ] অ' তেৰাও গৈছেহে হ'বলা। বাৰু জনী, এই জনীয়ে ৰজাকো নাকত থৈ চাকত ঘূৰাইছে।
ৰজা — [ বিমৰ্ষ ভাবে লাহে লাহে প্ৰবেশ ] সখা, অধিক কাল অপেক্ষা কৰি আমনি লাগিল নহয়নে? এৰা আজি বহুত বেলি হ'ল।
উদাশ— মহাৰাজ, আমাৰনো অধিক অলপ কি আছে। যিদিনালৈকে যমৰজাৰ তেকেলা কাষ নাচাপে, সেইদিনালৈকে অপেক্ষা কৰিবই লাগিব। পিচে মহাৰাজ অহা আজি অলপ বেলি যেন পাই খন্তেক কাতিকে হওঁ বুলিছিলোঁ। মহাৰাজৰো এতিয়া আকৌ আগৰ নিচিনা কেনেকৈ হ'ব। আগৰ এগৰাকীৰ ঠাইত এতিয়া দুগৰাকী হৈছে নহয়। দুগৰাকীৰ মন জোগোৱাটো জানো অলপীয়া কথা। বুজাইহে বুজে। আমাৰ এগৰাকীৰ জানতে তিকা-ফটা ৰ'দত টলং ভটং কৈ ফুৰোতে তত হেৰাইছে।
ৰজা — পৰিহাস আৰু ভাল নালাগে সখা। সংসাৰৰ ভোগে ভাগ্যে যাক আমুৱাইছে; ঘোৰ সংসাৰী হ'বলৈ গৈ যি ইকুল সিকুল হেৰুৱাই থাউনি নেপোৱাত পৰিছে; তাৰ আকৌ শান্তি ক'ত বন্ধু! বন্ধু, ইয়াৰ সমাধান তুমি নকৰিলে আৰু কৰোতা নাই। ৰাজ্যৰ প্ৰধান বিষয়া সকলো মোৰ বিপদত নিৰপেক্ষ। মাথো সময় বুজি আটায়ে পৰিহাস কৰিবলৈ বিচাৰে।
উদাশ — মহাৰাজ, একো বুজিব পৰা নাই। ভাঙ্গি কওঁক, আপোনাৰ অৱস্থা দেখি মোৰ নথৈ বিপদৰ আশঙ্কা হৈছে। কি জানিবা আমালৈকো সেই একে পালিয়েইহে।