সমললৈ যাওক

পৃষ্ঠা:সিদ্ধি লাভ.pdf/২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

তৃতীয় দৃশ্য।

উদ্যান।

সুৰুচী— মহাৰাজৰ মন জুখিলো। এতিয়া ভয় কিহৰ। সুৰুচী আজিৰ পৰা তুমি ৰজাৰ বৰ ৰাণী; সুনীতি নহয়। মহাৰাজক মোৰ ফলীয়া কৰি ললো যেতিয়া আৰু কাৰ্য্য সিদ্ধি হ'ব। সুনীতি এতে দিনে বৰ ৰাণী হৈ সুৰুচীক অৱহেলা কৰাৰ উপযুক্ত ফল পাবি। ( খন্তেক ভাবি ) নহয়, সুনীতিক বনবাস দিবলৈ ৰজাই স্বীকাৰ কৰিছে বুলিয়েই একেবাৰে নিচিন্ত হ'ব নোৱাৰি। ৰাজ্যৰ প্ৰধান বিষয়া সকলোৱে সুনীতিক ভাল পায়, গতিকে যেতিয়ালৈকে ৰজা আৰু বিষয়াৰ মাজত বিচ্ছেদ ঘটাব নোৱাৰি তেতিয়ালৈকে কাৰ্য সিদ্ধিৰ আশঙ্কা। সুনীতিক বনবাস দিবলৈ বিষয়া সকল মান্তি নহলে কিজানি ৰজাও আকৌ ঘূৰে। এতিয়া বহি থাকিলে নহব। বাওঁ কি উপায়েৰেনো মহাৰাজৰ মন নুঘুৰাকৈ ৰাখিব পাৰি তাৰ কাৰণে সতৰ্ক হব লগীয়া হল।

(প্ৰস্থান )

[ উদাশৰ প্ৰবেশ ]

উদাশ— ওৰে দিনটো ৰ'দে বতাহে কিমান আৰু টলং ভটং কৈ ফুৰিবা। নাই—ৰজাৰ ফুলনিতে খন্তেক বহোঁ। ৰজাকো আজি ইয়াতেই আৰু দেখা হওঁ। ৰজা পাতকো আকৌ সদায়ে দেখা কৰিব লাগে নহয়! এতিয়া ৰাজধানীলৈ যাবলৈকো