সমললৈ যাওক

পৃষ্ঠা:সিদ্ধি লাভ.pdf/২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

{{rh|১২|সিদ্ধি লাভ।|[ ১ম অ, ২য় দৃ



কৰিলাহেতেন। ক্ষমা কৰা সুন্দৰী। হাঁহি মুখৰ এষাৰি মাতে মোৰ মৰু হিয়া শাঁত কৰা।
সুৰুচী — মহাৰাজ, চলনাৰে মোক কিয় পুনৰ চলিব খোজে। এতেদিনে যাক প্ৰাণেৰে ভাল পাই আহিছে, তেওঁৰ ওচৰতআপোনাৰ মনোবেদনা জনাওক। তেওঁ শীঘ্ৰে তাৰ সমাধান কৰিব।
ৰজা— সুৰুচী, আৰু মোক কষ্ট নিদিবা। তোমাৰ হিয়া আছে যদি ইমানতে প্ৰকাশ কৰা। মই প্ৰতিজ্ঞা কৰিছো, তোমাৰ মনোবাঞ্চা জীবনান্তেও পূৰ্ণ কৰিম।
সুৰুচী— মহাৰাজ, আপোনাৰ কষ্ট আৰু মোৰ প্ৰাণে নসহে। মোৰ হিয়া শিলেৰে বন্ধোৱা নহয়। কিন্তু আপুনি যিমানেই ব্যাকুল নহওক, মোৰ নিমিত্তে যে চেনেহৰ বৰ ৰাণীক জীৱনত ত্যাগ কৰিব পাৰিব,সেই কথা মনে নধৰে তথাপি আপুনি নিজেই যেতিয়া প্ৰতিজ্ঞাবদ্ধ, তেতিয়া মোৰ অনুৰোধ, সুনীতিক আজিয়েই বনবাস দিয়ক।
ৰজা— ( সঙ্কোচ ভাৱে ) প্ৰিয়ে! পৰিনাম যে মহাভাৰ হ'ব। জগতে কুযশ ৰতিব।
সুৰুচী— তাকে ক'ব বুলি মই আগতেই জানিছিলো। আপোনাৰ বৰ ৰাণী সুনীতিৰ সমান জগতত কোন হব। মহাৰাজ ইয়াত অযথা আৰু পলম নকৰিব। যাওক, এতেপৰে আপোনাক নেদেখি সুনীতিয়ে চাগৈ চকুলো টুকিছে।
ৰজা — (নিজে নিজে) বিষম সমস্যা। অতি অসহনীয় কথা। বিনাদোষতে বাৰু কি বুলিনো সুনীতিক এতিয়া বনবাস দিওঁ।