এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১ম অ, ২য় দৃ ]
১১
সিদ্ধি লাভ।
| দিন নাই। এতিয়া তুমি মহাৰাণী, এখন ৰাজ্যৰ — অধীশ্বৰী। তোমাৰ এনে অৱস্থাই মোৰ প্ৰাণত অশান্তিৰ সৃষ্টি কৰিছে। |
| সুৰুচী— | যথেষ্ট এয়েই মহাৰাজ আৰু মোক আমনি নকৰিব, পোৰা কপাল মোৰ, সেয়েহে এনে বিলাই। মহাৰাজ আপোনাক মই প্ৰাৰ্থনা জনাইছো, মোক বিদায় দিয়ক। মই পিতাৰ কাষলৈ উভটি যাওঁ। অভাগিনী বুলি পিতাই মোক দলিয়াই পেলাব নোৱাৰে। আপুনি আদৰৰ ৰাণী সুনীতিৰ সৈতে স্বচ্ছন্দে ৰাজ্য ভোগ কৰক। |
| ৰজা— | কিহৰ অভিমান ৰাণী। সুনীতি তোমাৰ সমান নহয়। মোৰ হৃদয়ত তোমাৰ স্থান অতুলনীয় অযথা প্ৰাণত আঘাত নিদিবা। চোৱা প্ৰিয়ে, এবাৰ মুখ তুলি চোৱা। তোমাৰ কাৰণহে মোৰ কি বিলায়। ইচ্ছা হয়, আদেশ কৰা,আজিয়েই ৰাজপাট পৰিত্যাগ কৰি চিৰকাল তোমাৰ আজ্ঞাবহ হৈ থাকিম। মোৰ জীৱনৰ যথা সৰ্বস্ব তুমি প্ৰাণেশ্বৰী, তোমাৰ সন্তোষৰ হকে মোৰ অসাধ্য একো নাই। উঠা, তোমাৰ অৱস্থা দেখি মোৰ সন্দেহৰ সীমা নাইকিয়া হৈছে। |
| সুৰুচী— | সকলো বুজিছোঁ, মহাৰাজ! প্ৰাণেশ্বৰী বুলি অযথা আৰু বাক্য ব্যয় নকৰিব। আপোনাৰ জীৱন সৰ্ব্বস্ব যথাৰ্থই যাৰ হাতত, সেয়েহে আপোনাৰ প্ৰাণেশ্বৰী। যাওক মহাৰাজ, আপোনাক অপেক্ষা কৰোতে চাগৈ প্ৰাণেশ্বৰী সুনী তিৰ চকু বিখাইছে। |
| ৰজা — | ৰাণী; হিয়াৰ মাজত যি কুৰা জুইয়ে দেই পুৰি মাৰিছে; তুমি তাক কি বুজিবা। বুকুফালি দেখুৱাব পৰা হলে বিশ্বাস |