এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১ম অ, ২য় দৃ ]
৯
সিদ্ধি লাভ।
| উদাস— | বেয়া পাৱহকনে কি? |
| ২য় সখী— | নহয় দেউ, ভালহে পাওঁ। |
| উদাস— | ভাল পালে ভালেই, পিছে যানোচা মুৰকত সেয়ে আকৌ কাল হয়গৈ। নহয় আইহঁত! নালাগে মোক তহঁতে ভাল পাব। তহঁতক সজাই পৰাই চাই থাকিবলৈ মই ৰজাও নহওঁ। যা তহঁতি তহঁতৰ নিচিনা চেহেৰা একোটাকে বিচাৰি নাচি বাগি ফুৰগৈহঁক। ময়ো আৰু যাওঁহে। |
| ৩য় সথী— | দেউ আমিও যাওঁ। বেলি হলে আকৌ ৰজাই খং কৰিব। |
| ১ম সখী— | এৰা বলা, আজি দেউৰে সৈতে কথা পাতি থাকোতেই বহুত সময় হল। |
(প্ৰস্থান )
দ্বিতীয় দৃশ্য।
ৰাজ অন্তেঃপুৰ।
| সুৰুচী— | সকলো অসাৰ। মোৰ সুখ ভোগ, আশা ভৰসা সকলো সপোনৰ খেলা যেনহে লাগে। কোনে জানে ৰজাৰ ইমান ভালপোৱাও খন্তেকতে চলনাত পৰিণত নহব। যদিও ময়েহে ৰজাৰ এতিয়া অধিক প্ৰিয়, তথাপিও যেন প্ৰজাই মোক তেনে ভাল নেপায়। সুনীতি যিমানেই ৰজাৰ অব |