চুলি আৰু অস্থি সংৰক্ষণ কৰি সেই আদৰ্শক চিৰজাগ্ৰত কৰিবলৈ ভাৰতবৰ্ষৰ বাহিৰও বহুতো ঠাইত ভালেমান চৈত্য আৰু স্তুপ নিৰ্ম্মাণ কৰা হৈছিল। বুদ্ধদেৱৰ প্ৰধান শিষ্য সকলৰ অস্থি ধাতুও এনেদৰে অনেক ঠাইত সংৰক্ষিত হৈছে।
যুগৰ বুকুৰ ওপৰেদি বাগৰি যোৱা হেজাৰ-বিজাৰ ধুমুহাৰ মাজতো অক্ষয় হৈ থকা মহামানৱ সকলৰ পূত-স্মৃতি অস্থি ধাতু যি দৰে অসীম শ্ৰদ্ধাৰ বস্তু, তাৰ গত লাগি থকা শিল্প কলাও সংস্কৃতিৰ পুূজাৰী প্ৰত্নতত্ত্ব অনুসদ্ধিৎসু মনিষীসকলৰ কাৰণে সিমানেই আদৰণীয়, সিমানেই বাঞ্ছনীয়৷
প্ৰায় নিৰানব্বৈ বছবৰ পূৰ্ব্বে অৰ্থাৎ ১৮৫১ খ্ৰীষ্টাব্দত ভাৰতীয় প্ৰত্নতত্ত্ব বিভাগৰ ভাৰপ্ৰাপ্ত কৰ্ম্মচাৰী জেনেৰেল কানিংহাম চাহাবে প্ৰাচীন বৌন্ধভূপ সমূহ খান্দোতে ভূপাল ৰাজ্যৰ সাঁচী নামে ঠাইত সুন্দৰ অস্থি ভস্ম ৰক্ষা-পাত্ৰ আবিষ্কাৰ কৰে প্ৰায় আঢ়ৈ হেজাৰ বছৰৰ পুৰণি ধ্বংস প্ৰায় সমাধি মন্দিৰৰ নিভৃত কোণত আৱিসষ্কৃত প্ৰাচীন কাৰকাৰ্য্যখচিত এই স্মৃতি-পাত্ৰ দুটি পাই পাই কানিংহামৰ অন্তৰ আনন্দত পুলকিত হয়। পাত্ৰ দুটি পাঁচ ফুট দীঘল শিলেৰে আবৃত আছিল। পাথৰেৰে নিৰ্ম্মিত পাত্ৰ দুটিৰ দক্ষিণ ফালৰটোৰ ওপৰত ব্ৰাহ্মী আখৰেৰে সাৰি পূতস আৰু উত্তৰ ফালৰ পাত্ৰৰ ওপৰত সেই একে লিপিতে মহামোগগলানস লেখা আছিল আকৌ এই পাত্ৰ দুটাৰ প্ৰতিটোৰে ভিতৰত সুন্দৰ মিহি এবিধ বগা খনিজ পদাৰ্থেৰে সুশোভিত আৰু প্ৰাচীন শিলৰ সূক্ষ্ম কাৰুকাৰ্য্য খচিত সৰু বাকচ দুটাৰ