সমললৈ যাওক

পৃষ্ঠা:সাৰিপুত্ত আৰু মোগগ্‌ল্লান.pdf/১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
সাৰিপুত্ত মোগ্‌গল্লান

“ধৰ্ম্মং শৰণং গচ্ছামি, বুদ্ধং শৰণং গচ্ছামি, সঙ্ঘং শৰণং গচ্ছামি”—বুলি ধৰ্ম্ম, বুদ্ধ আক সঙ্ঘৰ শৰণ লৈছিল।

 অসীম পাণ্ডিত্য আৰু বুদ্ধ সমদৃশ মনোহৰ কণ্ঠস্বৰেৰে যেতিয়া সাৰিপুত্তই ভিক্ষু সকলৰ আগত বৌদ্ধধৰ্ম্মৰ চাৰি আৰ্য্য সত্য আৰু অষ্ট আৰ্য্য মাৰ্গৰ কথা ব্যাখ্যা কৰিবলৈ ধৰে সেই সময়ত ভগবান বুদ্ধৰ প্ৰতি অপাৰ ভক্তিত তেওঁৰ মন উথলি উঠে।

 প্ৰশান্ত চিত্তেৰে তেওঁ কবলৈ ধৰে—“বন্ধু সকল, মই দেৱমানৱৰ শাসক সৰ্ব্বদৰ্শী ভগবান বুদ্ধক শ্ৰদ্ধাৰে সৈতে পূজা-অৰ্চ্চনা কৰি যি অমৃতময় পুণ্য সম্পদ অৰ্জ্জন কৰিছোঁ সি যথাৰ্থতে বৰ্ণনাতীত। সেই পুণ্যৰ প্ৰভাৱত মই সৰ্ব্বত্ৰ সৰ্ব্ব বিষয়ত পাৰদৰ্শিতা লাভ কৰিব পাৰিছোঁ। সংসাৰৰ গভীৰ দুঃখ-বেদনাত ব্যথিত হৈ জৰা-জন্মাদিবিহীন শান্তিময় নিৰ্ব্বাণ লাভৰ আকাঙ্ক্ষাত মই বহুদিন ধৰি নানা ঠাই ঘূৰি ফুৰিছিলোঁ; কিন্তু কতো মনে বিচৰা গুৰুৰ দৰ্শন লাভ মোৰ ভাগ্যত ঘটা নাছিল। বহুত ঠাইতে চেষ্টা কৰিছিলোঁ, এবাৰ দুবাৰকৈ পাচশবাৰ প্ৰবজ্যা গ্ৰহণ কৰিছিলোঁ। চৰ্ম্ম পৰিধান কৰা, জটা মণ্ডিত অনেক ঋষি মুনিৰ কাষ চাপিলোঁ—কাৰোপৰা বঞ্চিত ফল নেপালো। অৱশেষত মোৰ সুদিন আহিল। মহাত্মা অস্সজিৎ স্থবিৰৰ কৰুণাত প্ৰভু বুদ্ধৰ সাক্ষাৎ লাভ হ’ল। মোৰ জ্ঞান চকু মেল খালে, ভব-বাসনা সমূলি বিনাশ কৰি শান্তিময় জীৱন যাপন কৰিবলৈ ক্ষমতা লাভ কৰিলোঁ। ৰূপ, বেদনা, সংজ্ঞা, সংস্কাৰ