তথাগতক সাক্ষাৎ লাভ কৰিব।” গুৰুৰ পৰা অনুমতি আৰু যথোপদেশ লাভ কৰি দুয়ো বন্ধুয়ে বুদ্ধৰ ওচৰলৈ যাত্ৰা কৰিলে।
ৰাজ গৃহৰ ওচৰৰ বেণুবন নামে ঠাইত সেই সময়ত ভগবান বুদ্ধই অবস্থান কৰিছিল। পৰম জ্ঞানৰ অধিকাৰী বুদ্ধদেৱে শিষ্য সকলৰ সম্মুখত ধৰ্ম্ম ব্যাখ্যা কৰি থকাৰ সময়ত উপতিস্স আৰু কোলিতৰ নেতৃত্বত এই পাঁচশ শিষ্য গৈ উপস্থিত হ’ল। তেওঁলোকৰ সাগ্ৰহ আক অন্তৰৰ কথা জানিব পাৰি, অনুৰোধ আৰু ভক্তিত পৰম সন্তুষ্ট হৈ ভগবান বুদ্ধই তেওঁলোকক দীক্ষা দিবলৈ সন্মতি দিলে। ইয়াকো জানিব পৰা যায় যে বুদ্ধদেৱৰ মুখৰ পৰা ধৰ্ম্ম ব্যাখা শুনি উপত্স্স আৰু কোলিতৰ বাহিৰে বাকী পাচশ শিষ্যই সেই দিনাই ‘অৰ্হত্ব’ লাভ কৰিছিল।
বৌদ্ধ সঙ্ঘত প্ৰবেশ কৰাৰ পিচৰে পৰাই উপতিস্স আৰু কোলিত দুয়োজনেই শিষ্যবৰ্গৰ মাজত তেওঁলোকৰ লোকপ্ৰিয় সাৰিপুত্ত আৰ মোগ্গল্লান নামেৰে প্ৰখ্যাতি লাভ কৰিলে, তেতিয়াৰে পৰাই এই নামেৰেহে তেওঁলোক দুয়োজন পৰিচিত হৈ পৰিল। ইয়াৰ এসপ্তাহৰ পিছত ধ্যানস্থ অৱস্থাত থাকোতেই মোগ্গল্লান গভীৰ নিদ্ৰাত মগ্ন হ’ল। প্ৰিয় শিষ্যৰ এনে দুৰ্ব্বলতা দেখি ভগবান বুদ্ধ স্থিৰেৰে থাকিব নোৱাৰিলে। লৰালৰিকৈ আহি তেওঁ মোগ্গল্লানৰ সমুখত উপস্থিত হ’ল আৰু তেওঁক অৰ্হত্ব দান কৰিলে। ইয়াৰ এসপ্তাহৰ পিচত সাৰিপুত্তও এই সন্মানৰ অধিকাৰী হ’ল।