সমললৈ যাওক

পৃষ্ঠা:সাৰিপুত্ত আৰু মোগগ্‌ল্লান.pdf/১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
সাৰিপুত্ত মোগ্‌গল্লান

আন্ধাৰত খেপিয়াই ফুৰা পথিকে পথৰ সন্ধান পোৱাৰ দৰে উপতিস্সয়ো ইমান দিনে আকুল অন্তৰেৰে বিচাৰি ফুৰা সত্যৰ সন্ধান পালে। তথাগতৰ বিষয় স্থবিৰৰ পৰা যথাযথ জানি উপতিস্সৰ হিয়া সাধুৰ প্ৰতি কৃতজ্ঞতা আৰু ভক্তি ভাবত আপ্লুত হ’ল; ভগবান বুদ্ধৰ দৰ্শন লাভৰ অৰ্থে তেওঁ ব্যাকুল হৈ পৰিল।

 পূৰ্ব্ব অঙ্গীকাৰ অনুসৰি এই শুভ বাৰ্ত্তা উপতিস্সই গৈ তেওঁৰ অভিন্নহৃদয় বন্ধু কোলিতক জনালেগৈ। লগতে তেওঁ অস্সজিতে গোৱা গাথা ফাকিও আবৃত্তি কৰি শুনালে। অসীম মেধা শক্তিৰ বলত অস্সজিৎ স্থবিৰৰ মুখৰ পৰা শুনা গাথা ফাকি এবাৰ শুনাৰ লগে লগেই উপতিস্সৰ মনত ৰৈ গৈছিল। কোলিতৰ সন্ধানী মন বহু আকাঙ্ক্ষিত এই সত্যৰ বাৰ্ত্তাবাহক প্ৰাণবন্ধুৰ প্ৰতি কৃতজ্ঞতাত উথলি উঠিল; গুৰু ভক্ত দুই শিষ্যই তেতিয়া তেওঁলোকৰ বাল্য গুৰু সঞ্জয়ৰ ওচৰলৈ গ’ল আৰু এটি এটিকৈ সকলো কথা বিবৰি কোৱাৰ পিছত ভগবান বুদ্ধৰ দৰ্শনাৰ্থে যাবলৈ তেওঁকো লগ ধৰিলে। প্ৰিয় শিষ্য দুজনৰ অনুৰোধ শুনি বৃদ্ধ সঞ্জয়ে উত্তৰ দিলে,—"বাছাহত, জীৱনৰ শেষ সীমাত ভৰি দিছোহি। বাৰ্দ্ধক্যই মোক জঠৰ কৰিছে। এনে অৱস্থাত ভগবান বুদ্ধৰ দৰ্শনাৰ্থে তোমালোকৰ সঙ্গী হবলৈ মই অক্ষম। কিন্তু মোৰ পৰিবৰ্ত্তে ইয়াত থকা পাচশ শিষ্যক মই অনুমতি দিছোঁ, তেওঁলোকে তোমালোকক অনুসৰণ কৰিব আৰু