পৃষ্ঠা:সাহিত্য-সংগ্ৰহ বোধিনী.pdf/৮৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৬
ওপৰঞ্চি।


প্ৰথমতে, ক্রিয়া বিশেষণ ।

 ৭। (ক) তলৰ যেই সেই পাঁচোটা বিশেষ্যৰ বিশেষণ ৰূপ লিখা-

ভাৰত, পৃথিবী, সমাজ, ভয়, দয়া. গুণ, ভক্তি । ভাৰতীয়, পার্থিব, সমজুৱা, ভয়ঙ্কৰ, দয়ালু, গুণী, ভক্ত ।

 (খ) সন্ধি ভাঙা আৰু কৰা (যেই সেই ছটাৰ)—

প্রত্যেক, শে+অন, গায়ক, ষষ্ঠ, বাঙ্ ময়, উৎ+হাৰ, যজ্ + ন ।

 (গ) যেই সেই পাচোটাৰ বিপৰীত লিঙ্গৰ ৰূপ লিখা--

বিদ্বান, নেতা, দঁতুৱা, ককা, ব্রাহ্মণ, গৃহী, আমৈ।

 (ঘ) অকর্ম্মক ক্রিয়। সকৰ্ম্মক হব পাৰেনে ? যদি পাৰে তেন্তে উদাহৰণ দি বুজাই দিয়া। —পাৰে। পাঁচনী অর্থত অকর্ম্মক ধাতু সকৰ্ম্মক হয় । যেনে, ল’ৰাটো শুইছে । এই বাক্যত ল'ৰাই নিজেই শুইছে । ইয়াৰ শো ধাতু বা শুইছে ক্রিয়া অকৰ্ম্মক । আকৌ, মাকে ল'ৰাটোক শুৱাইছে । এই বাক্যত ল'ৰাটোৰ শোৱা কামটো মাকেহে কৰিছে; এয়ে পাচনী অর্থ । ইয়াত শো ধাতু শুৱা হৈ সকর্মক হৈছে । ইয়াৰ কৰ্ম্ম

‘ল’ৰাটোক’; এতেকে শুৱাইছে ক্রিয়া সকৰ্ম্মক।

 ৮। (ক) অধিকৰণ কাক বোলে? ই কেইবিধ ? প্রত্যেকৰে উদাহৰণ দি বুজাই লিখা ।৬

 ক্ৰিয়াৰ আধাৰ অর্থাৎ য'ত ক্রিয়া সম্পন্ন হয় তাক অধিষ্কৰণ কাৰক

বোলে । ই দুবিধ – (১) কালাধিকৰণ — শীতকালত হীম পৰে ।

(২)

আধাৰাধিকৰণ—এই আধাৰ তিনি প্রকাৰ — (ক) একদেশ (এঠাইত)- বনত বাঘ আছে । (খ) বিষয়— তেওঁ ব্যাকৰণত পাৰ্গত । (গ) ব্যাপ্তি (বিয়পি থকা)—শৰীৰত তেজ আছে । —নাইবা—সাধ্য৷ ক্রিয়া আৰু সিদ্ধা ক্রিয়াৰ পার্থক্য কি ? সিদ্ধা ক্রিয়া কি নামে গণ্য হব পাৰে ?