নাঙল, আৰু যমৰ পৰ৷ ম'হটো আনিলে। নিজৰ ষাঁড়টোৰ লগত ম'হটে৷
যুৰি ত্ৰিশূলক ফাল কৰি মাটি চহাই খেতি কৰিলে।
৬
(গ) তলত দিয়া বিলাকৰ যেই সেই দুটাৰ চমু টোকা লিখা—
৬
মোহনমালা, বাল্মীকি, এজিদ ।
মোহনমালা—এওঁ ৰূদ্ৰসিংহৰ বৰ পুতেক । মুখত বসন্তৰ দাগ থকা হেতু,
সিংহানৰ অযোগ্য হৈছিল; আৰু ভায়েক ৰাজেশ্বৰ সিংহৰ দ্বাৰা অপমানিত
হৈ মোৱামৰীয়াৰ লগ লাগে আৰু সিহঁতক বিদ্রোহ কৰিবলৈ উচটায় ।
১৭৬৯ খৃঃৰ ১ম মোৱামৰীয়া বিদ্ৰোহত এওঁ সিহঁতৰ ঘাই সেনাপতি আছিল।
বাল্মীকি – মহা দস্যু ৰত্নাকৰে ব্ৰহ্মা আৰু নাৰদৰ কৃপাত কঠোৰ তপস্যা
আৰম্ভ কৰে, স্বল্মীক বা ঊই হাফলুৰে পোত খায়। বহু যুগৰ তপস্যাত
সিদ্ধি লাভ কৰি বল্মীকৰ মাজৰ পৰা ওলাই মহর্ষি বাল্মীকি নাম লয় ।
ধেমালিত থকা চকোঁৱা এজোৰৰ মতাটোক ব্যাধে শৰ বিদ্ধ কৰাত মাইকী
জনীয়ে কৰুণ বিলাপ কৰে। তাকে দেখি ঋষিৰ মনত শোক লাগি অত
ৰ্কিতে তেওঁৰ মুখৰ পৰা এটা শ্লোক ওলাই আহে । এই শ্লোকৰ ছন্দেৰেই
তেওঁ ৰামায়ণ ৰচনা কৰে।
এজিদ—এওঁ দামস্কৰ ৰজা আছিল । হজৰত মহম্মদৰ জীয়েক ফাটেমাৰ
পুতেক হাছান আৰু হোছেনক মাৰি মদিনাৰ সিংহাসন লোৱাটোৱে এজি-
দৰ উদ্দেশ্য আছিল । ষড়যন্ত্র কৰি হাছানক বিহ খুৱাই মাৰে; আৰু
হোছেনক কাৰবালা মৰুভূমিত আৱদ্ধ কৰি হত্যা কৰে ।
৬৷ তলত দিয়া শব্দবিলাকৰ যেই সেই পাঁচোতাৰ অৰ্থ লিখা আৰু
কোনটো কি পদ নির্ণয় কৰা—১০
গৰিমা = যশ গৌৰৱ, বিশেষ্য। সৰ্ব্বাঙ্গীন =সকলো ফালেৰে, সকলো ৰকমে; বিশেষণ। হুইব=হব, ক্রিয়া। ধবল= বগা, বিশেষণ। অভিসন্ধি= আনৰ অনিষ্ট কৰিবলৈ কৰা গোপন আৰু কুটিল মন্ত্রণা, বিশেষ্য । নিৰামুহীয়া =মাছ মঙহ নোহোৱা সাত্বিক আহাৰ, বিশেষণ। সদ্যহতে=এতিয়া বা