পৃষ্ঠা:সাহিত্য-সংগ্ৰহ বোধিনী.pdf/৭৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০
ওপৰঞ্চি।

বাপুজী অর্থাৎ ভাৰতবাসীৰ পিতৃ স্বৰূপ মহাত্মা গান্ধীৰ গুণ আৰু কাৰ্য্য বৰ্ণনা কৰিছে । যমুনাৰ পাৰৰ দিল্লী নগৰীত নাঠুৰাম গড্‌ছেৰ গুলীত বাপুজীয়ে মানৱ জীৱনৰ খেলা শেষ কৰিলে। তেওঁৰ প্ৰাণ-পখীয়ে মানৱ দেহা ৰূপ সজা এৰি গুচি গ'ল ৷ তেওঁ দৈৱৰো দেৱতা আৰু ৰজাৰো উপৰি ৰজা; কাৰণ তেওঁ দেৱতাতকৈও বেছি ভক্তি পূজা পাইছিল আৰু পাইছে; আৰু ৰজাতকৈও বেছি সন্মান পাইছিল— আমাৰ ভাৰতীয় জাতিৰ পৰা আৰু পৃথিবীৰ আন আন জ্ঞানী লোকসকলৰ পৰা

 (গ) মন শুচি হয়.........কৰ্ম্ম আচৰিলে মানে। (নোটত চোৱা)

 ২। তলত দিয়া কথা কেই ফাকিৰ যেই সেই দুফাকি সৰল ভাষাত বুজাই দিয়া—

 (গ) এবাৰত নোৱাৰা কাম---------- তৃতীয় চেষ্টাত ওলাব পাৰে – মনত প্রতিজ্ঞা কৰি কামত ধৰিলে কাম নোহোৱাকৈ নাথাকে । কোনো জটিল কাম হয়টো আমাৰ এবাৰ চেষ্টাত নহব পাৰে । সেই কাৰণেই সেই কামটো আমাৰ অসাধ্য বুলি ভবা উচিত নহয় । কাৰণ প্ৰথম বাৰৰ চেষ্টাত কামটো সমাধা কৰাৰ বুদ্ধি কৌশল'আমাৰ মনত নেখেলাবও পাৰে। বাৰ বাৰ চেষ্টা কৰি থাকিলে এবাৰ নিশ্চয় তাৰ কৌশলটো ওলাই পৰিব, আৰু তেতিয়া সেই কাম নিশ্চয় সমাধা হব । পৃথিবীৰ সকলো ডাঙৰ কামেই এইদৰেহে সম্পন্ন হয় ।

 (ঘ) হৃদয়ৰ বলত বলিষ্ঠা হৈ...........প্রভেদ নাথাকে। (নোটত চোৱা)

৩।তোমাৰ পাঠ্য পুথিত তুমি পঢ়া কবিতাবিলাকৰ যেই সেই এটাৰ

পৰা প্রথম ১০ শাৰী মুখস্থ লিখা ।

১০

৪। ৰাধা কক্মিণীৰ চমু পৰিচয় দিয়া । — নাইবা—কাৰবাল৷ কাহিন, ৰ

চমু বিবৰণ দিয়া ।

১২

৫। জন্মভূমি পদ্যটিৰ সাৰাংশ লিখা। (অদৰ্কাৰী)

১০

৬। বাচ্য কাক বোলে আৰু কেই বিধ ? প্রত্যেক বিধৰ একো ।