পৃষ্ঠা:সাহিত্য-সংগ্ৰহ বোধিনী.pdf/৭৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ওপৰঞ্চি। (ঘ) তলৰ খণ্ডবাক্যলিাকৰ যেই সেই ৫টা খটুৱাই বাক্য ৰচনা ১০ মূৰ খা—একমাত্ৰ পুতেকৰ মূৰ খায়ে বুঢ়াটো পগলা হৈছে। কাণে কাণে- গোপনীয় কথা ইজনে সিজনৰ আগত কাণে কাণে কয়। কাণ সাৰ এৰ—দুষ্ট ল'ৰাটোক কোনো উপায়ে ভাল কৰিব নোৱাৰি বাপেকে এতিয়া তাৰ ফালে কাণ সৰি এৰিছে। চকু মুদ— মোৰ পিতাদেৱে আশী বছৰ বয়সত চকু মুদিছে। গা কৰ—তেজ-হাগৰি পৰা উঠি আজি তিনি মাহেও তাই গা কৰিব পৰা নাই। মন মেল—ল’ৰা কালতে বিদ্যা আৰ্জিবলৈ মন মেলিব লাগে। মনে চিতে— তেওঁ মোক মনে চিতে ভাল পায়। পেটে ভাতে খা—নিষ্কৰ্ম্মাৰ পেটে ভাঙে খাই থকাও টান হয়। নদি ক—সত্য কথা ন দি কবলৈ ভয় কৰিব নালাগে। a ১৯৫১–সাধাৰণ খাপ। ১। প্ৰসঙ্গ উল্লেখ কৰি যেই সেই দুটি পদ্যাংশ সৰল ভাষাত ব্যাখ্যা zo // (ক) নিশ্চয় নিশ্চয় তেৱেঁ..... ...সৰ্ব্ব শক্তিমান। - বিশ্ব-খনিকৰ কবিতাটো মফিজুদ্দিন আহম্মদ হাজৰিকাৰ বিশ্ব-খনিকৰ' কবিতাৰ শেষৰ অংশ। প্ৰশ্নত দিয়া খিনি তাৰেই শেষ ছোৱা। এই কবিতাত ঈশ্বৰ থকাটো প্ৰমাণ কৰি তেওঁৰ গুণ আৰু কাৰ্য্য বৰ্ণনা কৰিছে। ইয়াত কৈছে যে, যদিও তেওঁক কোনেও দেখা নাই, তথাপি তেওঁ এই কেইটা গুণৰ আধাৰ ঃ—অন্তৰ্য্য|মী--অন্তৰৰ ভাব জানোঁতা, দৰ্বজান—সক- লোকে জনা, বিশ্ব জগতৰ তেৱেঁ আত্মা বা প্ৰাণ, সৰ্ব্বব্যাপী—সকলোতে বিয়পি থক।, সৰ্ব্বদৰ্শী—সকলোকে দেখৌতা, আৰু সকলো শক্তি বা ক্ষমতাৰ গৰাকী। ( (খ) যমুনা পাৰত ৰজাৰে৷ ওপৰে ৰজা।—এই ছোৱা কবি। আমাৰ বাপুজী পদাৰ শেষ অংশ। হাজৰিকাদেৱ এই পদাত আমাৰ