পৃষ্ঠা:সাহিত্য-সংগ্ৰহ বোধিনী.pdf/৭৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ওপৰঞ্চি। (খ) তলত দিয়া প্ৰত্যয় বিলাকৰ যেই সেই পাঁচোটা খটুৱাই পাঁচোতা পদ কৰা আৰু সিহঁতৰ প্ৰত্যেকটোকে ব্যৱহাৰ কৰি একোটা বাক্য ৰচনা b K কি, অলীয়া, আলি, উৱা, ওঁটা, ঈয়া, অনি!—কথা+কি=কথকি; অতি কথকিক কথাই খায়। গাওঁ+ অধীয়া গাৱঁলীয়া; গাওঁৰ মানুহক গাওঁলীৱা বোলে। দুষ্ট+ আলি =দুষ্টুালি; দুষ্ট ল'ৰাটোৱে বৰকৈ দুষ্টালি কৰিছে। ভাত+ উৱা =ভতুৱা; ভতুৱা কুকুৰৰ ভুকনি সাৰ। খা + ওঁতা = যাওঁতা; সিহঁতৰ ঘৰত থাওঁতা বহুত। ভাদ + ঈয়৷ = ভদীয়া; ভাদ মাহত উপজিলে ভদীয়া হয়। ফুল+ অন = ফুলনি; সিহঁতৰ ফুলনিত এজোপা গোলাপ ফুল আছে॥৷ -- 91 (গ) পাঁচনী ‘কৰা’ ধাতু সম্ভাব্য ভূত কালত ৰূপ কৰা। ৭। (ক) যেই সেই পাঁচোটাৰ বিপৰীত লিঙ্গত ৰূপ লিখা— পেটুলী, সখি, কোৱ'ৰ, চপনীয়া, বিদ্বান্, শ্ৰীমতী, তেজস্বিনী। (থ) দ্বিগু সমাসৰ উদাহৰণ দি লক্ষণ লিখা। = এজনতে ত্ৰি লোচনৰ সমাহাৰ = ত্ৰিলোচন! ত্ৰি — তিনি, লোচন—চকু; তিনি চকুৰ সংযোগ (মহাদেৱ)। সংখ্যাবাচক শব্দ আগত থাকি একে জাতীয় কিছুমান বস্তুৰ সমাহাৰ বা সংযোগ বুজালে তাৰ দ্বিগু সমাস বোলে। শব্দৰ শেষত কেতিয়াবা ঈ হয়; যেনে, শত অব্দৰ সমাহাৰ = শতাব্দী। শব্দৰ শেষভ ই বা ঈ থাকিলে অ হয়; যেনে, পঞ্চ নদীৰ সমাহাৰ = পঞ্চনদ, পঞ্চাঙ্গুল। = (গ) « C 'পীতাম্বৰ’ এই সমস্ত পদটোৰ বহুব্ৰীহি আৰু কৰ্ম্মধাৰয় ৰূপে নি ভিন ব্যাস বাক্য লিখি অৰ্থৰ প্ৰভেদ বুজাই দিয়া। পীত অন্বৰ যাৰ = পীতাম্বৰ—বহুব্ৰীহি। ইয়াত পীতাম্বৰ শব্দই পীত আৰু অম্বৰ শব্দৰ নিজ অৰ্থ এৰি পীত বৰ্ণৰ কাপোৰ পিন্ধি থকা জনক (শ্ৰীকৃষ্ণক) বুজাইছে। পীত ধি অশ্বৰ =পীতাম্বৰ—কৰ্ম্মধাৰয়। ইয়াত পীতাম্বৰ শব্দই নিজ অৰ্থকেই (পীত বৰ্ণৰ কাপোৰকে) বুজাইছে।