পৃষ্ঠা:সাহিত্য-সংগ্ৰহ বোধিনী.pdf/৬২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
বসন্ত প্ৰভাত।

আঁতৰি গ'ল।
 সূৰ্য্য কিৰণে ৰাজ কাৰেঙক চুমা খালে, অৰ্থাৎ ৰাজ কাৰেঙত ওখ দেখি তাতেই প্ৰথমে পোহৰ পৰিল। লগে লগে কাৰেঙত থকা স্ততি পাঠক সকলে প্ৰভাতি সুৰেৰে মঙ্গলজনক পুৱাৰ গীত গাবলৈ ধৰিলে। তাত আছে জীৱ-জগতলৈ বা মানুহৰ প্ৰতি উদগণি সুৰ—হে জীৱন্ত জগতবাসী! উঠা, উঠা, এতিয়াও কিয় নিৰ্জীৱৰ দৰে শুই আছা?

 আলহী ঘৰৰ দুৱাৰ মুখত কোনোবাই আহি মাত লগোৱাৰ নিচিনাকৈ উষা দেৱীও যেন মানুহৰ আলহীঘৰ পৃথিবীৰ দুৱাৰমুখ পুৱা আকাশত নীল আকাৰ ওৰণি তলৰ পৰা ধুনীয়া মুখখনি উলিয়াই অলপীয়া পোহৰৰ মিচিকীয়া হাঁহি মাৰি দেখা দিলেহি।

 চৰাই বিলাকো আলহী; সেই শত শত, চৰায়ে ৰাতিপুৱা মধুৰ সুৰেৰে গীত গাই মানুহক যেন সাদৰেৰে কৈছে, হে উন্নতি পথৰ নবীন পথিক (ল’ৰা ডেকা) সকল! আমি উলাহেৰে বাঁহী লই আহিছোঁ, উলাহ সঙ্গীত গাইছোঁ—তোমালোকৰ কৰ্ম্মত উৎসাহ দিবলৈ; এতেকে দুৱাৰ মেলা, উঠা, কৰ্ত্তব্যত ধৰা।

 বসন্তৰ লগে লগে নতুন বছৰ আৰম্ভ হয়। এই নতুন বছৰৰ আৰম্ভনিতে অতীতৰ বহু অপূৰ্ণ আশাই মনত সজাগি উঠে—নতুন বছৰত তাক পূৰ্ণ কৰিবৰ আশাৰে। সেইদৰে নানা ভাবুকৰ মন নানা ভাবেৰে ভৰপূৰ হয়; মনৰ সেই ফুটি নোলোৱা গোপন কথা কেৱে নুবুজে।

 সেই ভাবুক কবি ঈশ্বৰ প্ৰেমিক সকলেই য'ত প্ৰভুৰ পৰশত প্ৰকৃতিয়ে নতুন শ্যামল সাজ পিন্ধিছে অৰ্থাৎ ঈশ্বৰৰ মৰমত য'ত প্ৰকৃতিৰ গছ লতা বিলাকে সেউজীয়া পাত ধৰি মনোমোহা হৈ আছে, (হাই উৰুমি নোহোৱা ঠাই বিচাৰি) সেই হাবি বননিলৈ ধীৰে ধীৰে গৈছে— মনৰ আশা পূৰণৰ নিমিত্তে।

 বসন্তৰ মৌসনা জুৰ বতাহ ধীৰে ধীৰে বৈছ; ইয়াৰ সোঁততেই