পৃষ্ঠা:সাহিত্য-সংগ্ৰহ বোধিনী.pdf/৫৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
সাহিত্য সংগ্ৰহৰ চমু টোকা

দেশ-দ্ৰোহী পাপিষ্ঠ আৰু পাপিষ্ঠ শাসক সকলৰ গধূৰ বোজা পৃথিবীয়ে আৰু সহিব নোৱাৰা হৈছে। তোমালোকৰ হাতত সিবিলাকৰ মৃত্যু নিশ্চিত।

 হে ভাৰতৰ বীৰ সকল, ভাৰত জননী জ্ঞান-গৌৰৱেৰে সৰগৰ জেউতি স্বৰূপ; জগতত সত্য শান্তি আৰু প্ৰেম বিলোৱা কাৰণে ইবিলাকৰ দূতী স্বৰূপ। এই হেন ভাৰতী আইৰ কুৰুক্ষেত্ৰ যুদ্ধৰ অৰ্জ্জুনৰ সাৰথি শ্ৰীকৃষ্ণৰ নিচিনা প্ৰধান সহায় ( মহাত্মাগান্ধী) আছে। গতিকে একোলৈকে ভয় নকৰি শৰীৰৰ তেজ ঢালি দি অৰ্থাৎ প্ৰাণ উছৰ্গি দি দুশ বছৰীয়া পৰাধীনতাৰ বন্ধন স্বৰূপ প্ৰাচীৰ (বৃটিছৰ অধীন ভাৰত ফাটেক—সেই ফাঢক-ঘৰৰ গড়) ভাঙি দিয়া, ভাৰত মুকলি হ’ক—স্বাধীন হ’ক।

 হে ভাৰতৰ বীৰ সকল, আমিসকলোৱে (কবি নিজকো সেই সকলৰ ভিতৰত ধৰিছে ) ভাৰত মাতৃৰ বিজয় যাত্ৰাৰ যাত্ৰী বা বীৰ; জীৱৰ মৃত্যু ঘটোৱা যমৰাজকো আমি জয় কৰিম—যমে আমাক মাৰিব নোৱাৰে; গতিকে মৰণলৈ আমাৰ ভয় শঙ্কা নাই। আমাৰ লক্ষ্য (ভাৰতৰ স্বাধীনতা) থিৰ হৈয়েই আছে। আকাশৰ বজ্ৰ নামি পৰক বা ধ্বংস সাগৰৰ ভয়ঙ্কৰ ঢৌ আহি পৰক, আমি তালৈ ভয় নকৰোঁ (অৰ্থাৎ আমাৰ স্বাধীনতাৰ যুদ্ধত বিদেশী চৰকাৰে মাৰাত্মক কামান বোমা আদিৰে আক্ৰমণ কৰি সাগৰৰ ভীষণ ঢৌৱে এফালৰ পৰ৷ ধ্বংস কৰি নিয়াৰ দৰে আমাক ধ্বংস কৰি নিবলৈ ধৰিলেও আমি ভয় নকৰোঁ, লক্ষ্য নেহেৰুৱাওঁ)।

 হে ভাৰতৰ বীৰ সকল, পৃথিবীৰ সাতোটা সাগৰ গৰজি প্ৰৱল বান-পানীৰ সৃষ্টি কৰাৰ দৰে সংহাৰৰ গৰাকী স্বয়ং মহাদেৱে হাতত ত্ৰিশূল লই ধ্বংসৰ বান সৃষ্টি কৰিলেও আজি ভাগ্য লক্ষ্মীৰ দীপ্তিমান তেজীয়ান হেঙুলি প্ৰভাতক একো কৰিব নোৱাৰে— ভাৰতৰ সৌভাগ্যক বাধা দিব নোৱাৰে; ভাৰত স্বাধীন হবই। গতিকে ভয়শঙ্কা বাধা বিঘিনি নামানি আগ বাঢ়া।