পৃষ্ঠা:সাহিত্য-সংগ্ৰহ বোধিনী.pdf/৫৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
বিজয় সঙ্গীত।

ত্ৰিশূল=মহাদেৱৰ হাতৰ তিনি জোঙৰ যাঠিপাট: ত্ৰিশূলৰ সমাহাৰ (দ্বিগু)।
ধূৰ্জ্জটি=মহাদেৱ। দীপ্ত=উজ্জন, জলি থকা; দীপ্‌ +ক্ত। দৃপ্ত=তেজী,
গৰ্ব্বযুত্ত; দৃপ্ +ক্ত। প্ৰভাত = ৰাতিপুৱা৷ ভাগ্য-শ্ৰী =ভাগ্য-লক্ষ্মী।

 কবিতাৰ মুল ভাব:—বৃটিছৰ অধীনত থাকি ভাৰতবৰ্ষই স্বাধীনতা লাভৰ কাৰণে প্ৰায় অৰ্দ্ধ শতাব্দী কাল যুদ্ধ কৰিছে। কবিয়ে এই বিজয় সঙ্গীত লিখি ভাৰতৰ স্বাধীনতা সুনিশ্চিত বুলি কৈ স্বাধীনতা যুদ্ধৰ বীৰ সকলক উৎসাহ উদগনি দিয়ে– যাতে দুশ বছৰ কাল পৰাধীনতাত থাকি সাহ-বল হেৰুওৱা ভাৰতবাসীয়ে আকৌ সাহ বল লই প্ৰাণ উছৰ্গি হেজাৰ হেজাৰ বিপদ বিঘিনিক পৰাজয় কৰি চিৰ গৌৰৱময় ভাৰতৰ পূৰ্ব্ব গৌৰৱ ওভোটাই আনিব পাৰে।

 তলত গোটেইটো কবিতাৰ সহজ ভাঙনি দিয়া হ'ল।

 হে ভাৰতৰ স্বাধীনতা যুদ্ধৰ বীৰ সকল, বুটিছৰ অধীনত থকা ভাৰত জননীয়ে স্বাধীনতা লাভৰ কাৰণে অৰ্দ্ধ শতাব্দী কাল (৫০ বছৰ) যুদ্ধ কৰি আহিছে। আজি সেই যুদ্ধৰ জয়ধ্বনি কৰি ভাৰতৰ পূৰ্ব্ব গৌৰবৰ গীত গাই সকলোৱে আগবাঢ়া।

 হে ভাৰতৰ বীৰসকল, ভাৰতৰ ভিন ভিন দেশৰ মানুহক চিৰকাল আনন্দ দি, নত শিৰে কৰা সেৱা পূজা লই ভাৰতৰ বিজয় লক্ষ্মীয়ে সদায় ওখ হৈ থকা পূৰ্ব্ব গৌৰৱৰ পতাকাৰ তলত সৌ দূৰত জিলিকি আছে ( বৃটিছে ভাৰত অধিকাৰ কৰি ভাৰতৰ বিজয় লক্ষ্মী হৰি নিছে )। তাক লাভ কৰিবলৈ অৰ্দ্ধ শতাব্দী কাল কৰা যুদ্ধৰ জয়ধ্বনি কৰা, ভাৰতৰ পূৰ্ব্ব গৌৰবৰ গীত গাই সকলোৱে আগ বাঢ়া।

 হে ভাৰতৰ বীৰসকল, কল্পনাৰে চকুৰ আগত ভাৰত জননীক ইন্দ্ৰপুৰী সাজি লই দুৰ্গাদেৱীৰ সেৱক সকলে পূজাৰ ফল পাবলৈ বলি আগ বঢ়োৱাৰ দৰে ভাৰত জননীৰ পূজাৰ জয় উৎসৱৰ কাৰণে নিজৰ মূৰ বলি ৰূপে আগ বঢ়োৱা, জীৱন উছৰ্গি দিয়া। দেশ-প্ৰেম নোহোৱা স্বাৰ্থপৰ