পৃষ্ঠা:সাহিত্য-সংগ্ৰহ বোধিনী.pdf/৫২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৭
জন্মভূমিৰ ওচৰত মাৰীচৰ বিদায়

 মাৰীচে ৰামৰ হাতত নিশ্চিত বুলি জানে। সেয়ে শেষত সন্মত হৈ ৰাৱণৰ পুষ্পক ৰথত উঠি আকাশ পথেৰে পঞ্চৱটীৰ ফালে আহোঁতে তাৰ জন্মভূমি, স্বৰ্ণপুৰী লঙ্কা চকুত পৰে; আৰু ৰাৱণৰ এই কাৰ্য্যৰ ফলত লঙ্কাৰ কি দশা হব, তাক দূৰদৰ্শী মাৰীচে পদ্যত কোৱা দ্বৰে মনে মনে ভাবি জন্মভূমিৰ কাৰণে শোক বেজাৰ কৰি এই উক্তিৰে জন্মভূমিৰ ওচৰত চিৰ জীৱনলৈ বিদায় মাগিছে।

 এই কবিতাংশত মাৰীচৰ দেশ প্ৰেম ফুটি ওলাইছে। পদ্যৰ ১৮১ পৃষ্ঠাত থকা কেবাটাও ভুল শুধৰাই দিয়া হ'ল।— বাৱণ=ৰাৱণ। শূণ্য =শূন্য। দ্বীষক =দ্বীপক। ৮ ম শাৰীৰ ‘।'ৰ ঠাইত ‘!’ হব। ননি=নমি। সুনীলে= সুনীল। বাবিধি=বাৰিধি। দ্বাদশ শাৰীৰ ‘;’ নালাগে।

সৰলাৰ্থ—

শুনীল বাৰিধি বক্ষে..........নভঃ বক্ষে। যি দৰে নীল বৰণীয়া আকাশৰ বুকুত চন্দ্ৰ উজ্জ্বল অলঙ্কাৰ, সেইদৰে সুনীল সাগৰৰ বুকুত স্বৰ্ণপুৰী লঙ্কাও উজ্জ্বল অলঙ্কাৰ। মাৰীচৰ এই উক্তিত হৰ্ষ-বিষাদৰ সান মিহলি ভাব এটি প্ৰকাশ পাইছে।