পৃষ্ঠা:সাহিত্য-সংগ্ৰহ বোধিনী.pdf/৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
সাহিত্য সংগ্ৰহৰ চমু টোকা


ৰামায়ণ মহাভাৰতক গঙ্গ। আৰু সিন্ধুৰ লগত তুলনা —

গঙ্গা আৰু সিন্ধুই যি দৰে আৰ্য্যবৰ্ত্তৰ মাজেদি বই গৈ গোটেই দেশখনকে সাৰুৱা কৰি প্ৰাচীন কালৰে পৰা শস্য-সম্পদ দি আহিছে, সেইদৰে ৰামায়ণ মহাভাৰতেও সেই সেই কালৰে পৰা ভাৰতীয় সমাজৰ মাজত সভ্যতা আৰু ধৰ্ম্ম-নীতিৰ সম্পদ যোগাই আহিছে। আকৌ, এই দুখনি নৈৰ পৰা যি দৰে অসংখ্য শাখা নৈ উপ নৈ আদি ওলাইছে, সেইদৰে ৰামায়ণ মহাভাৰতৰ পৰাও হাজাৰ হাজাৰ নাটক, কাব্য, উপাখ্যান, গল্প, সাধু-কথা আদি ৰচনাৰ সোঁত বৈ আছে।

ৰামায়ণ আৰু মহাভাৰতৰ পাৰ্থক্য—ৰামায়ণৰ লিখক বাল্মীকি, মহাভাৰতৰ লিখক ব্যাস। ৰামায়ণ মহাভাৰততকৈ আগেয়ে ৰচিত হৈছে। ৰামায়ণ একেটা ঘটনাকে সূত্ৰ কৰি লিখা কাব্য; কিন্তু মহাভাৰত গোটেই ভাৰতৰ সমসাময়িক সকলো ৰাজ্য, ৰজা, বীৰ আৰু প্ৰধান প্ৰধান অসংখ্য ঘটনাৰসমাবেশ; আনকি ৰামায়ণৰ ঘটনা- টিও মহাভাৰতত বাদ পৰা নাই। সেয়েহে কোনো জ্ঞানীলোকে কৈ গৈছে যে, যি মহাভাৰতত নাই সি ভাৰতত নাই; আৰু যি ভাৰতত নাই, সি মহাভাৰতত নাই। সেই কাৰণেই মহাভাৰত এখন বিৰাট বিশ্বকোষ। আকৌ ৰামায়ণৰ কাণ্ড মাত্ৰ সাতোটা, এতেকে সি খণ্ড কাব্য; কিন্তু মহাভাৰতৰ পৰ্ব্ব (খণ্ড) ওঠৰটা, এতেকে সি মহাকাব্য।

 কিতাপত দিয়া ৩টা প্ৰশ্নৰ ২য় আৰু ৩ৰ প্ৰশ্নৰ উত্তৰ কিতাপতে স্পষ্টকৈ দিয়া আছে। কেৱল প্ৰথম প্ৰশ্নৰ উত্তৰত কবলগা এই যে প্ৰথমে এদিন কথা প্ৰসঙ্গত বাল্মীকিয়ে মহৰ্ষি নাৰদৰ মুখত ৰামচন্দ্ৰৰ গুণাৱলী শুনে। পিছত বাল্মীকিয়ে এদিন তমসা নদীলৈ স্নান কৰিবলৈ যাওঁতে দেখিলে ধেমালিত থকা চাকৈ চকোৱা চৰাই হালিৰ মতাটোক ব্যাধে শৰবিদ্ধ কৰিছে। তাৰ মৃত্যু-যন্ত্ৰণা দেখি মাইকীজনীয়ে কৰুণ সুৰে বিলাপ কৰিবলৈ ধৰিলে। এই শোকলগা দৃশ্যই ঋষিৰ মনো