পৃষ্ঠা:সাহিত্য-সংগ্ৰহ বোধিনী.pdf/৪৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

সোণামুৱা

 মেলানি= বিদায়। ৰান্ধনি বেলি= সন্ধিয়াৰ সূৰ্য্য। জাপৰী = “জপৰাৰ স্ত্ৰীলিঙ্গ। লাহতী = শুৱনী। ঘৰৰ লখিমী = গৰু। উদুলি মুদুলি= বহু মানুহ গোটখোৱা তোলপাৰ। হূচায় =সূচনা কৰে, ঘটায়। লয় =নাশ বা ধ্বংস। আৰাধি = আৰাধনা— স্তুতি ভক্তি বা প্ৰাৰ্থনা কৰি৷ পূবেৰুণ= অতি পুৱাতে পূব আকাশত বিৰিঙা অৰুণ বা সূৰ্য্যৰ কিৰণ। সদৰি = প্ৰকাশ, জনাজাত। চোৰাংচোৱা = গোপন ভাবে ৰাজ্যৰ বাতৰি লোৱা ৰাজকৰ্ম্মচাৰী, গুপ্ত পুলিচ। ৰাজদ্ৰোহী= ৰজাৰ বা ৰাজ্যৰ শত্ৰু, দ্ৰোহ বা শত্ৰুতা আচৰে যি সি দ্ৰোহী। নিৰীহ =নিজু, শাস্ত। অৰি = শত্ৰু। অনাই বনাই = হাবিয়ে বননিয়ে, যেনিয়ে তেনিয়ে। বিদ্ৰোহী= শত্ৰু, দোষী। ধিয়াই = লক্ষ্য কৰি বা ভাবি, সাক্ষী কৰি। সকলো ধৰমে সামৰি লব = সকলো ধৰ্মই মানি লব। গ’ল অসন্তোষ প্ৰচাৰ চৰি=অসন্তোষৰ প্ৰচাৰ বৃদ্ধি হ’ল, অসন্তোষৰ চাৰিওফালে বেচিকৈ বিয়পি পৰিল। মুক্ত=মুকলি।

পদ্যটোৰ মূল ঘটনাৰ চমু বিবৰণঃ—

 শিৱসাগৰ জিলাৰ টীয়ক নৈৰ দাঁতিত সোণামুৱা নামে এখন বহল চাপৰি আছে। আগৰ দিনত তাত এখন মাছ-মৰীয়া সকলৰ গাওঁ আছিল। তাত সোণামুৱা নামে এজন আদৰ্শ গৃহস্থ আছিল। তাৰ ঘৰত পো, নাতি, নাতিনী, গৰুৰপাল, ধানৰ ভাঁড়াল, সুন্দৰ ফল ফুলগছ গছনিৰে ভৰা বাৰী আছিল।

 এদিন গধূলি বেলিকা ল'ৰা ৰজাৰ ভয়ত অনাই বনাই ফুৰা গদাপাণি কোৱঁৰ আহি তাৰ ঘৰত ৰাতিৰ কাৰণে আশ্ৰয় খুজিলে।