পৃষ্ঠা:সাহিত্য-সংগ্ৰহ বোধিনী.pdf/৪৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২২
সাহিত্য সংগ্ৰহৰ চমু টোকা

পতিতক–তল পৰি থকাক, অস্পৃশ্য বা তল খাপৰ হিন্দু সক্লক। নঙঠা =উপঙ্গ, নাঙট, কাপোৰ নিপিন্ধা। সত্যাগ্ৰহী = সত্য + আগ্ৰহী; সভ্যলৈ আগ্ৰহ যাৰ (বহুব্ৰীহি ); সত্যৰ সেৱক। কাৰাবাস = কাৰা + আবাস; কাৰাৰ আবাস ( ৬ষ্ঠী তৎ); দণ্ড বা শাস্তিৰ ঘৰ, ফাটেক। ছন = উছন, ধৰ্ম। বৰ্ম = শৰীৰ ৰক্ষাৰ আৱৰণ, কবচ। লীলা সামৰিলে = জীৱনৰ খেলা শেষ কৰিলে। মানৱী সজা = মানৱ দেহৰূপী সজা, আত্মাৰূপ পক্ষীৰ থকা ঘৰ। দ্বাপৰ যুগৰ সেই সুদৰ্শন চক্ৰ =দ্বাপৰ যুগত শ্ৰীকৃষ্ণৰ হাতত থকা সুন্দৰ চক্ৰটো।

কবিতাৰ মূল কথা—

 এই কবিতাত হাজৰিকা দেৱে মহাত্মা গান্ধীৰ জীৱনৰ মূল কাৰ্য্য কেইটাৰ চমু আভাস দিছে। তেওঁ ভাৰতবাসীক স্বৰ্গীয় প্ৰেমৰ বাণী শিকালে, স্বাধীনতা যে মানৱৰ জন্মগত স্বত্ব তাক বুজালে, আৰু সত্য আৰু অহিংসাৰ দ্বাৰা তাক লাভ কৰি দেখুৱালে। ভাৰত বাসীক যতৰত সূতা কাটি নিজ হাতে কাপোৰ বই লবলৈ শিকালে, ভাৰতৰ অস্পৃশ্যতা মহাপাপ দূৰ কৰিলে, সত্য আৰু অহিংসাৰ বলেৰে হিংসা পাপ ছন কৰি মানৱ জাতিক সত্যৰ মহিমা দেখুৱালে। সকলো ধৰ্মই যে এক, তাক শিক্ষা দি মানুহ জাতি গঢ়িলে। কৰ্মই যে ধৰ্ম—সেই কৰ্মকেই আমাক শিক্ষা দিলে। সেই কাৰণেই তেওঁ ৰজাৰ উপৰি ৰজা, দেৱতাৰ উপৰি দেৱতা।