পৃষ্ঠা:সাহিত্য-সংগ্ৰহ বোধিনী.pdf/৪৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২১
আমাৰ বাপুজী


আয়তী সজায়। ইয়াৰ নিষ্কৰ্মা ধোদ বিলাকেও ৰাজ আলি বান্ধে, পিঠাগুড়ি ঢালি দি দ’ল সজায়, বাৰীত সাগৰ তুল্য পুখুৰী খানি বনৰ মাজত কাৰেঙৰ দীপ্ত স্বৰ্গপুৰীৰ নিচিনা ৰংঘৰ সাজে। [ এই বিলাক অসমৰ গৌৰৱ, সম্পদ, সৌন্দৰ্য্য ]


 বিদেশী মোগলে অসমৰ এই বিনন্দীয়া স্বৰ্গীয় ৰূপ দেখি ৰূপত বন্দী হৈ অসমীয়৷ হৈ ৰ'ল। সেই দিন ধৰি সিবিলাকে ভাবিছে—আহোম ৰজাই মোৰ ৰজ৷, কামৰূপেই মোৰ দেশ, মই অসমৰ অসমীয়া, ইয়াতেই আমাৰ জীৱন ধূপ জ্বলে, ইয়াতেই সি শেষ হয়। মই অসমৰ হকে যুজোঁ, অসমৰ হকে মৰো; মোৰ ধৰ্ম্ম মোৰ জাতি অসমীয়া, মোৰ প্ৰাণৰ আপোন অসমীয়া। এই অসমৰ বননিতে মোৰ স্বৰ্গীয় সুখৰ সপোন দিঠকত পৰিণত হ'ল।

 অসমীয়া ভাষা মোৰ ভাষা, অসমীয়া কথা মোৰ কথা, প্ৰকৃতিয়ে ৰচা অসমীয়া গীত মোৰ গীত; সেই মোৰ হৃদয় উপচি পৰ৷ অসমীয়া গীত শুনি বিহগ কিন্নৰো মুগ্ধ হয়—নীৰৱ হয়।

 মই জীৱনে মৰণে—প্ৰাণ মন দেহে চিৰকাল অসমীয়া। জীয়াই থাকোঁতেও মই অসমৰে অসমীয়া, মৰিলেও মই অসমৰ অমীয়া — অমৃত তুল্য সোৱাদ মৃত্যুকেই বৰণ কৰি লম।

আমাৰ বাপুজী

সমস্বৰে = একমুখে, একবাক্যে। বন্দনা =স্তুতি বা প্ৰাৰ্থনাৰ গীত। জন্মগত = জন্ম—গম্+ক্ত; জন্মৰ লগতে পোৱা।