পৃষ্ঠা:সাহিত্য-সংগ্ৰহ বোধিনী.pdf/৪৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২০
সাহিত্য সংগ্ৰহৰ চমু টোকা

 পাতৰ আগত নিয়ৰ ওলমি থকা আৰু নানা ফুল ফুলা (মিনা কৰা ) বনৰ বুকৰ সমৰ থলীত যি দিনা নামিল, সেই দিনা দেখিলে, আহোম সেনাৰ হাতত দুপৰীয়াৰ ৰ’দত হেংদান জিলিকি উঠিছে; অসমৰ স্বাধীন নৰ-নাৰীয়ে দেশৰ স্বাধীনতা ৰক্ষাৰ কাৰণে ৰণচণ্ডী মূৰ্ত্তি ধৰি বুকু পাতি ৰণ ক্ষেত্ৰত আহি উপস্থিত হৈছে।

 অসমীয়াৰ হাতত পৰাজিত হৈ মোগলে ভাবিলে, আমি ৰাজপুত জয়ী; আমাৰ বলী বাহুৰ বল আজি অসমৰ সমৰ থলীত ক’ত লুকাল? অসমীয়া সেনাই শুকান সান্দহ আৰু পানী আঁজলি খাই ক'ৰ পৰা ইমান বল পালে? বিজয়ী অসমীয়াই জয়ধ্বনি কৰি স্বাধীনতা গান বিজয়ৰ গৌৰৱ গীতি গালে। মোগলে এইবাৰ অসমীয়াৰ হাতত হাৰি শক্তিৰ নতুন পৰিচয় পালে; দেশ প্ৰাণ মুক্ত প্ৰাণ আহোমৰ স্বদেশ ভক্তিৰ প্ৰমাণ পালে।

 মোগলে ঘূৰি চাই দেখিলে—অসমৰ চাৰিওফালে ধুপৰ পাহাৰ, বননিৰ প্ৰতিটো বনৰ পাতেই জাংফাই মিনাকৰা উজ্জ্বল ৰূপ, দুবৰিৰ পাতে পাতে নিয়ৰ ওলমি মুকুতা মৰকত থোপা বান্ধিছে, মানুহৰ গছকত সেইবোৰ ভাগে। অসমীয়াই হাতীদাতেৰে খৰমৰ চুলা কৰে, পোৱালেৰে সজা দলঙত বহি ভৰি পথালে, বাঘৰ নখেৰে খাৰু আৰু ভৰিৰ আঙঠি সাজি পিন্ধে, ম'হৰ শিঙেৰে সজা পেঁপা বজায়, হাহকণী আৰু চাউলেৰে দেউল সজাই স্বৰ্গদেৱৰ সিধা যোগায়। নৈৰ বালিত সোণৰ চেকুৰা— গছকত গুড়ি হয়, পুঠি মাছে সোণৰ থুৰীয়া পিন্ধে (কাণ ৰঙা ), ভেকুলীয়ে কপালত ফোঁট পিন্ধি অসমী আইক সুৱাগী বা