পৃষ্ঠা:সাহিত্য-সংগ্ৰহ বোধিনী.pdf/৪৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৮
সাহিত্য সংগ্ৰহৰ চমু টোকা

লইও সকলো প্ৰকাৰে দেশক সেৱা কৰিবলৈ হেঁপাহ কৰে। যেনে, পখী হই ওখ গছত বাহ লই পুৱঁতী নিশা বনৰীয়া সুৱদি গীতেৰে জন্মভূমিক জগাবলৈ, তৰা হৈ জোনাক ৰাতি আকাশত থাকি জন্মভূমিৰ সেউজীয়া শুৱনি জেউতি—চাই ওৰে ৰাতি আৰতি গাবলৈ, হিমালয় পৰ্ব্বতৰ মানস সৰোবৰত ফুলি মলয়া ৰূপ চোঁৱৰত পা ৰজাত ৰেণু সানি জন্মভূমিৰ ঢুলাবলৈ, নদী হৈ ভৰি পথালিবলৈ, মাটি হৈ বুকুত মিলিবলৈ, সোণোৱালী মেঘ হই বিদেশীৰ পীড়নত দুৰ্বল হোৱা জন্মভূমিৰ শেঁতা পৰা ওঁঠত ৰঙা হাঁহি বিৰিঙাবলৈ হেঁপাহ কৰে। কবিৰ মনত এই দেশেই স্বৰ্গ, মুক্তিৰ পূণ্যভূমি, প্ৰভাসৰ দৰে শ্ৰেষ্ঠ তীৰ্থ। গতিকে তেওঁ আন স্বৰ্গ বা যুক্তিকো নাবাঞ্ছি, আন তীৰ্থলৈ নগৈ ইয়াতেই পুনঃ পুনঃ জন্মলই ইয়াৰেই সেৱা কৰি থাকিবলৈ বাঞ্ছিছে। তেওঁৰ মতে এই দেশৰ দুখীয়াৰ পঁজাবিলাক শান্তিৰ সৰগ, পুণ্যৰ আশ্ৰম; তাত আছে সৰল প্ৰাণৰ ভাষা, মহান ত্যাগেৰে কৰা সেৱা। সেৰে কবিয়ে মৰিলে আকৌ এই দেশতে জন্মিবলৈ আকাঙ্ক্ষা কৰে। [এই খিনিৰ বিতং বিতংকৈ লিখা কথাবোৰ এৰি দিলেই ই কবিতাটোৰ মূলভাব হৈ পৰিব।]

⸻⸻
মই অসমীয়া

 তৃষা= হেঁপাহ, তৃষ্ণা। অভিযান= জয় যাত্ৰা। দীপ্ত= দীপ্ + ক্ত; জ্বলি উঠা, =দীপ্তিময়, উজ্জ্বল। উচ্ছ্বাস= ফুটি উঠা আগ্ৰহ। মিনা কৰা= মিনা বাখৰ খটোৱা৷ হেংদান= আহোম সৈন্যৰ দীঘল দ্বাৰ নিচিনা তৰোৱাল৷ ৰণ-প্ৰাঙ্গন= ৰণৰ চোতাল বা