পৃষ্ঠা:সাহিত্য-সংগ্ৰহ বোধিনী.pdf/৪২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৭
জনম ভূমি

কবিতাৰ মূল কথাঃ—

 কবিতাটো ইয়াত সম্পূৰ্ণ দিয়া নাই; তথাপি এই খিনি কবিতাত আমি ঈশ্বৰৰ অস্তিত্ব প্ৰমাণ আৰু উদাহৰণেৰে তেওঁৰ কাৰ্য্য আৰু গুণাৱলী বৰ্ণনা কৰা পাওঁ।

জনম ভূমি

 ৰলাগি = থৰ লাগি, একে থৰে। বিমান পথত = আকাশী যানৰ পথত, আকাশত। আৰতি=আ—ৰম্+ক্তি, স্তুতি, প্ৰাৰ্থনাৰ গীত। শুকুলা= বগা। মানসী বিল=মানস সৰোবৰ। চোঁৱৰ = চামৰ, চুৱঁৰী পহুৰ নেজৰ নোমৰ মুঠা। ঢুলাম = লৰাম, আন্দোলিত কৰিম, বিচি দিম। বিৰিঙাম = ফুটাই তুলিম, জিলিকাম। প্ৰভাস = হিন্দুৰ এখনি অতি পৱিত্ৰ তীৰ্থ— গুজৰাটত। ৰচা=ৰচিত হোৱা, সজা। মহিমাময় = মহৎ + ইমন্ = মহিমন্—১মাৰ বচনত মহিমা; মহিমা+ময়ট্; মহিমা বা মহৎ ক্ষমতা যুক্ত।

সাৰাংশঃ—

 (এয়ে গোটেই কবিতাটো সহজে বুজাৰ উপায়)—এই কবিতাত মহিলা কবি নলিনী বালা দেৱীৰ জন্মভূমিৰ প্ৰতি ভালপোৱা, জন্মভূমিৰ সেৱা অতি স্পষ্টকৈ জিলিকি উঠিছে। তেওঁ এই দেশত জন্মিছে, এই দেশতে মৰিবলৈও বাঞ্ছিছে; আৰু তেওঁৰ জন্মভূমিৰ প্ৰতি ভাল পোৱা আৰু সেৱাৰ আগ্ৰহ ইমান বেচি যে, এটি জনমত-বৰ্তমান জন্মত তাৰ শেষ নহল। পুনৰ এই দেশত নানা দেহেৰে নানা ৰূপেৰে পুনঃ পুনঃ জন্ম