পৃষ্ঠা:সাহিত্য-সংগ্ৰহ বোধিনী.pdf/৪১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৬
সাহিত্য সংগ্ৰহৰ চমু টোকা

বলেৰেই মানুহ জ্ঞানী হয়। ইয়াত জ্ঞানো তেৱেঁই, আৰু জ্ঞান লাভ কৰি জ্ঞানী হোৱা মানুহো তেৱেঁই।

 ২৷ তেৱেঁ এক, তেৱেঁ পাঁচ। —পৰমেশ্বৰ এজন হৈও পঞ্চভূত ৰূপেৰে পাঁচটি। ক্ষিতি, অপ, তেজঃ, মৰুৎ, ব্যোম—এই পাঁচ ভুতেৰে তৈয়াৰ হোৱা জগৎখন তেওঁৰেই ভৌতিক দেহ বা প্ৰতিমূৰ্ত্তি।

 ৩৷ তেৱেঁ ধনী, তেৱেঁ ধন, গোমস্তা ও মহাজন।—মহাজন আৰু গোমস্তাক ধন আৰু ধনীৰ লগত তুলনা কৰিছে। কাৰবাৰী বা টকা ধাৰলৈ দিয়া মহাজন সকলে গোমস্তাৰ দ্বাৰা কাৰবাৰ বা টকাৰ আদান প্ৰদান চলায়। গোমস্তাৰ হলে ধনত অধিকাৰ নাই। সেইদৰে ধন ৰূপী পৰমেশ্বৰেও মানুহক ধনৱন্ত পাতি তাৰ দ্বাৰা কেৱল আদান প্ৰদান হে চলাইছে; মৰিলে তাক লগত লৈ যোৱা ক্ষমতা দিয়া নাই।

 ৪। সত্ব ৰজ তম গুণ.........সেই মহাজন। — যিজন সত্ব ৰজঃ তমঃ এই তিনিও গুণৰ সকলোতে নিগুণ, সেই মহাজনকেই হুমু বিশ্বগিৰী বোলে।

 পৰমেশ্বৰ ত্ৰিগুণাত্মাক; সত্ব, ৰজঃ আৰু তমঃ এই তিনি গুণেৰে ব্ৰহ্মা, বিষ্ণু, মহেশ্বৰ—এই তিনি কাল্পনিক দেৱতাৰূপে সৃষ্টি, স্থিতি আৰু প্ৰলয় কৰিছে। তেনে স্থলতো তেওঁক নিগুণ বোলাৰ কাৰণ এই যে, মামুহৰ নিচিনাকৈ ব্যক্তি বিশেষে কোনো এক একগুণৰ প্ৰাধান্য তেওঁৰ তাত থকা নাই—তিনিওটা গুণেই তেওঁৰ তাত একেবাৰে সাঁমল মিল ভাবে আছে; সেয়ে তেওঁ নিগুণ। কবিয়ে কৈছে—“শুনিবলৈ পাওঁ, বোলে সেই মহাজনেই বিশ্বৰ গৰাকী।”